ছাৰ্কাছ, ষ্টান্টৰ পৰিণতি! এইবাৰ আৱাহন থিয়েটাৰত অঘটন, ফটকাৰ বিস্ফোৰণত আহত দুই দৰ্শক

আহৱান থিয়েটাৰৰ মঞ্চত আতচবাজিৰ ফিৰিঙতি পৰি আহত হয় দুগৰাকী দৰ্শক।

ভ্ৰাম্যমান থিয়েটাৰে পৰাম্পৰাগত নাট প্ৰদৰ্শনৰ পৰা আঁতৰি আহি বলীউদী চলচ্চিত্ৰৰ আৰ্হিত ষ্টান্ট প্ৰদৰ্শনৰ প্ৰতিযোগিতা আৰু ছাকাৰ্ছৰ সমাহাৰ ঘটাবলৈ যোৱাৰ ফলত শিল্পী-কুশলীৰ লগতে দৰ্শকেও তাৰ পৰিণাম ভূগিব লগা হৈছে।  

এইবাৰ ৰাজ্যৰ আগশাৰীৰ ভ্ৰাম্যমান নাট্যদল আহৱান থিয়েটাৰৰ মঞ্চত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। আৱাহনৰ ‘মেডাম মেনকা’ নাটখন মঞ্চস্থ কৰাৰ সময়তে সংঘটিত হয় অঘটন।

শনিবাৰে পাঠশালাত আৱাহনৰ মঞ্চত প্ৰস্তুতি পৰাশৰে বুলেট চলাই প্ৰৱেশ কৰাৰ সময়তে ফুটোৱা আতচবাজিৰ ফিৰিঙতি পৰি দুগৰাকী দৰ্শক আহত হয়।

ফটকাৰ বিস্ফোৰণত আঘাতপ্ৰাপ্ত হয় এগৰাকী মহিলা আৰু এজন যুৱক। আহত মহিলাগৰাকীৰ নাম জোনালী কলিতা(৩৬) বুলি জানিব পৰা গৈছে। এই ঘটনাত আঘাতপ্ৰাপ্ত যুৱকজনৰ নাম নিশান্ত দাস।

লগতে পঢ়কঃ জনতাৰ দৰবাৰত গিৰিৰাজক যুৱকৰ ঘোচা! ‘বিৰোধী ষড়যন্ত্ৰ’ দেখিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে

ততাতৈয়াকৈ আহত মহিলাগৰাকীক স্থানীয় সতীশ শৰ্মা মেমৰিয়েল চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। যুৱকজনে সামান্য আঘাত পোৱা বুলি জানিব পৰা গৈছে।

ইপিনে, এই ঘটনা সংঘটিত হোৱাৰ পাছত ঘটনাতো আয়োজক সমিতি তথা  থিয়েটাৰ কৰ্তৃপক্ষই গাপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উঠিছে। ঘটনাৰ পিছতে কিছুসময়ৰ বাবে নাট পৰিৱেশনো বন্ধ কৰি দিয়া হয়।

উল্লেখ্য যে কেইদিনমান পূৰ্বে আন দুখন ভ্ৰাম্যমান থিয়েটাৰত সংঘটিত হোৱা ঘটনাত জনপ্ৰিয় অভিনেতা যতীন বৰা আৰু শামন্তিকা শৰ্মাৰ লগতে আন কেইবাজনো দৰ্শক আহত হৈছিল। এইবাৰ পুনৰ আৱাহন থিয়েটাৰত সংঘটিত হ’ল অনুৰূপ ঘটনা।

লগতে পঢ়কঃ ম্লান পৰিল মোহনবাগান! ডুৰাণ্ড কাপৰ ফাইনেলত টাইব্ৰেকাৰত স্বপ্নভংগ, চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড

ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চত বলিষ্ঠ নাটকৰ অভাৱৰ পৰিপ্ৰেক্ষিততে ষ্টান্ট-ছাৰ্কাছৰ দৰে সস্তীয়া মনোৰঞ্জনৰ আমদানি ঘটোৱা বুলি ইতিমধ্যে চৰ্চিত হৈছে।