কাজিৰঙাৰ পৰা মানাহলৈ ২টা গঁড় পোৱালি স্থানান্তৰ

বানপানীৰ সময়ত উদ্ধাৰ হৈ কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত প্ৰতিপালিত হোৱা এহাল গঁড় পোৱালিক আজি মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰা হয় ৷

আজি বিয়লি গঁড় পোৱািঁ হালক পিঞ্জৰাবদ্ধ কৰি কেন্দ্ৰটোৰ পশু চিকিৎসকৰ তত্ত্বাৱধানত বনকৰ্মীসহ এটা বিশেষ দলৰ সৈতে দুখন ট্ৰাকত উঠাই মানাহলৈ প্ৰেৰণ কৰা হয়।

ইয়াৰ পূৰ্বে যোৱা ২১ জানুৱাৰিত কেন্দ্ৰটোৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ দুটা গঁড় পোৱালি প্ৰেৰণ কৰা হৈছিল। ইণ্ডিয়ান ৰাইনো ভিজন ২০২০ নামৰ আঁচনিখনৰ আধাৰতেই কাজিৰঙাৰ পৰা মানাহলৈ গঁড় স্থানান্তৰিত কৰি মানাহত এশিঙীয়া গঁড়ৰ জনসংখ্যাৰ বৃদ্ধীৰ পৰিকল্পনা কৰা হৈছে ৷ এই আঁচনিৰ জৰিয়তে এতিয়ালৈকে কাজিৰঙাৰ পৰা মানাহলৈ মুঠ ১৮টা গঁড় স্থানান্তৰিত কৰা হৈছে।

উল্লেখযোগ্য যে আজি কাজিৰঙাৰ পৰা মানাহলৈ প্ৰেৰণ কৰা গঁড়ৰ পোৱালি হাল যোৱা ২০১৬ চনৰ বানপানীৰ সময়ত কহঁৰা বনাঞ্চলৰ পৰা উদ্ধাৰ কৰি পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষন কেন্দ্ৰলৈ অনা হৈছিল। কেন্দ্ৰটোৰ পশু চিকিৎসকে জনোৱা মতে গঁড়ৰ পোৱালি হালৰ বয়স প্ৰায় দুবছৰ হ’ব।

আনহাতে আজি প্ৰেৰণ কৰা পোৱালি দুটাৰ পিছত পানবাৰীৰ কেন্দ্ৰটোত আৰু দুটা গঁড় পোৱালি থাকিবগৈ আৰু উক্ত পোৱালি দুটাক অচিৰেই গুৱাহাটীৰ চিৰিয়াখানালৈ প্ৰেৰণ কৰা হ’ব বুলি কেন্দ্ৰটোৰ পৰিচালকে জানিবলৈ দিয়ে।