NORTHEAST NOW (Assamese)

মুখ্য মন্ত্ৰীৰ বৈঠকত সিদ্ধান্ত; মহানগৰীত নিৰ্মাণ হ’ব অত্যাধুনিক ষ্টেডিয়াম, দুখন বৃহৎ আকাৰৰ প্ৰৱেশ দ্বাৰ

September 19, 2019 10:16 pm · এন ই নাও নিউজ
মুখ্য মন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত হোৱা বৈঠক

গুৱাহাটী মহানগৰীৰ প্ৰৱেশ দ্বাৰ স্বৰূপ বৰঝাৰ বিমান বন্দৰ পথ আৰু খানাপাৰাত অসমৰ ঐতিহ্যমণ্ডিত ভাস্কৰ্যৰ চানেকী বহনেৰে দুখন বৃহৎ আকাৰৰ প্ৰৱেশ দ্বাৰ স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা হ’ব।

তদুপৰি বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সমীপত এখন অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব। এই ষ্টেডিয়ামত ইণ্ডোৰ, আউটডোৰ গেমছৰ সুবিধাৰ উপৰি যান-বাহনৰ বাবে উপযুক্ত পাৰ্কিঙৰো সুবিধা সন্নিৱিষ্ট কৰা হ’ব।

ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্য্য বৰ্দ্ধনৰ অংশ হিচাপে প্ৰথম পৰ্য্যায়ত ১.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ আইক’নিক ব্ৰীজ নিৰ্মাণ কৰা হ’ব।

আজি জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ সভা কক্ষত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত স্মাৰ্ট চিটী প্ৰকল্প ৰূপায়ণৰ পৰ্যালোচনামূলক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৈঠকত মুখ্য মন্ত্ৰী সোণোৱালে মহানগৰীৰ গৃহহীন লোকৰ এক বিস্তৃত জৰীপ কাৰ্য্য হাতত লোৱাৰ বাবেও সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

আনহাতে, গুৱাহাটী মহানগৰীৰ যি সমূহ ফ্লাই অভাৰৰ তলত পৰ্যাপ্ত ঠাই আছে সেই ফ্লাই অভাৰৰ মধ্যাংশত ডাবল পাৰ্কি ব্যৱস্থা নিৰ্মাণৰ বাবেও সিদ্ধান্ত লোৱা হয়।

তদুপৰি, ফ্লাই অভাৰ সমূহৰ নিম্ন অংশৰ তলৰ ঠাই সমূহত অনাময় ব্যৱস্থা সম্বলিত তথা আধুনিক সা-সুবিধা সম্বলিত নৈশ আশ্ৰয় স্থল গৃহহীন লোকসকলৰ বাবে নিৰ্মাণৰ বাবেও আজিৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

যাত্ৰীসমূহৰ বাবে ৰাজপথ অতিক্ৰম কৰা স্বয়ংক্ৰিয় চিগনেল ব্যৱস্থা স্থাপনৰ বাবেও সিদ্ধান্ত লোৱা হয়।

দীপৰ বিলৰ সংৰক্ষণৰ দিশত ইয়াৰ চাৰিসীমা নিৰ্দ্ধাৰণ কৰাৰ বাবে খৰতকীয়া ব্যৱস্থা গ্ৰহণৰ উপৰি দীপৰ বিলত যাতে পৰ্যাপ্ত পৰিমাণে প্ৰদূষণ মুক্ত পানী বাহাল থাকে তাৰ ব্যৱস্থা ল’বলৈও সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনত মহানগৰীৰ গান্ধী মণ্ডপৰ সৌন্দৰ্য্যবৰ্দ্ধন প্ৰকল্পৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিটত অহা ২ অক্টোবৰ অৰ্থাৎ গান্ধী জয়ন্তীৰ দিনাখন এই প্ৰকল্প উদ্বোধন কৰাৰ বাবেও বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Related News