• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোন খিলঞ্জীয়া? জমিয়তৰ প্ৰশ্ন

শান্তনু শইকীয়া by শান্তনু শইকীয়া
September 19, 2019 10:31 pm
Who's Indigenous? Asks Assam State Jamiyat

বৃ্হস্পতিবাৰে অসম ৰাজ্যিক জমিয়ত উলামাৰ সংবাদমেল। ছবি- নৰ্থইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত খিলঞ্জীয়া কোন? অসম ৰাজ্যিক জমিয়ত উলামাই বৃহস্পতিবাৰে উত্থাপন কৰিছে এই প্ৰশ্ন।

সদৌ অসম বেংগলি হিন্দু এচ’চিয়েচন, বৰাকৰ বহু সংগঠনৰ বৃহৎ মঞ্চ নাগৰিক অধিকাৰ ৰক্ষা সমন্বয় সমিতিৰ পিছত “খিলঞ্জীয়া”কলৈ জমিয়তেও অনুৰূপ প্ৰশ্নটোৰ অৱতাৰণা কৰিছে।

Apply Now

“খিলঞ্জীয়া” অসমীয়াৰ অধিকাৰ প্ৰদান সন্দৰ্ভত ৰাইজৰ পৰামৰ্শ আহ্বান কৰা অসম চুক্তিৰ ৬নং দফা সম্পৰ্কীয় কেন্দ্ৰগঠিত উচ্চস্তৰীয় সমিতিক সংগঠনটোৱে এই প্ৰশ্ন সুধিছে।

“প্ৰথমে খিলঞ্জীয়া কোন সেয়া নিশ্চিত কৰক। তাৰ পিছত খিলঞ্জীয়াৰ আসন সংৰক্ষণ বিষয়টো আনক,” বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেলত উলামাৰ সাধাৰণ সম্পাদক আমিনুল ইছলামৰ মন্তব্য।

অসমত চৰকাৰী চাকৰি আৰু বিধানসভা-লোকসভাত খিলঞ্জীয়ালৈ আসন সংৰক্ষণ বিষয়টোৰ জমিয়তে “তীব্ৰ বিৰোধিতা” কৰিছে।

সমিতিলৈ এই সংক্ৰান্তত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে সংগঠনটোৱে।

জমিয়ত মতে, ভাৰতীয় সংবিধান প্ৰণয়নৰ পৰাই পিছপৰা জনজাতি আৰু জনগোষ্ঠীয় লোকসকলৰ বাবে বিশেষ সা-সুবিধা দি অহা হৈছে।

“অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সমিতিয়ে সংবিধানৰ বাহিৰেও খিলঞ্জীয়া ৰক্ষাকৱচ দিবলৈ ওলোৱা কাৰ্য্যক আমি কোনো মতে মানি নলওঁ,” জমিয়তৰ মত।

কিন্তু, জমিয়তে অসমৰ “চাহ জনগোষ্ঠীয় লোকসকলক” ভূমি অধিকাৰ প্ৰদানৰ পোষকতা কৰিছে।

শ শ বছৰ ধৰি অসমত বসবাস কৰি অহাৰ পাছতো “চাহ জনগোষ্ঠীয়” লোকসকলক ভূমি অধিকাৰ নিদিয়াক লৈ সংগঠনটোৱে ক্ষোভ প্ৰকাশ কৰিছে।

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সন্দৰ্ভত পৰামৰ্শদানৰ বাবে কেন্দ্ৰই যোৱা ১৬ জুলাইত সমিতিখন গঠন কৰিছিল।

যোৱা জানুৱাৰিত গঠন কৰা পূৰ্বৰ সমিতিখনৰ বেছিখিনি সদস্যই সমিতিখনত থাকিবলৈ অনিচ্ছা প্ৰকাশ কৰাত বৰ্তমানৰ সমিতিখন গঠন কৰা হৈছিল।

বৰ্তমানৰ সমিতিখন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাক অধ্যক্ষ আৰু অসমৰ মহাধিবক্তা ৰমেশ বৰপাত্ৰগোহাঞি, অৰুণাচল প্ৰদেশৰ মহাধিবক্তা নিলয় দত্ত, অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া সুভাষ দাস, অসম আৰক্ষী (বিশেষ শাখা)ৰ প্ৰাক্তন সঞ্চালকপ্ৰধান পল্লৱ ভট্টাচাৰ্য্য, অৱসৰপ্ৰাপ্ত অধ্যাপক সৃষ্টিধৰ দত্ত, লেখক সুমন্ত চলিহা, অধ্যাপক জয়কান্ত শৰ্মা, জ্যেষ্ঠ সাংবাদিক ৱছবিৰ হুছেইন আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা, সভাপতি আৰু সম্পাদক ক্ৰমে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, দীপাংক নাথ আৰু লুৰিণজ্যোতি গগৈক সদস্যৰূপে লৈ গঠিত হৈছে।

গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব (উত্তৰ-পূব)ক সমিতিখনত সদস্য সচিবৰূপে নিয়োগ কৰা হৈছে।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd