• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৰনৈত দুজন বাইক চোৰক গণ প্ৰহাৰ; আৰক্ষীয়ে উদ্ধাৰ কৰি ভৰ্তি কৰিলে চিকিৎসালয়ত

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , October 21, 2019 6:51 am

2 min read

lynching-1-2-570x320

প্ৰতিনিধিত্বমূলক ফটো

1.1k
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ মৰনৈ থানাৰ অন্তৰ্গত দহিকটা অঞ্চলত দেওবাৰে সন্ধিয়া গণৰোষত পৰে দুজন বাইক চোৰ ৷ বাইক চোৰ দুটাক ৰাইজে উত্তম মাধ্যম দি আৰক্ষীক চমজাই দিয়ে ৷

জানিবপৰা মতে, দেওবাৰে পুৱা মৰনৈ থানাৰ অন্তৰ্গত ৰাক্ষসিনী নিবাসী জুলফিকৰ আলমৰ হিৰো হোন্ডা গ্লেমাৰ মটৰ চাইকেল আৰু নেপালীখুটি নিবাসী শংকৰ শৰ্মাৰ হিৰো হোন্ডা ছুপাৰ স্প্লেন্ডাৰ বাইক দুখন দুই ভিন্ন স্থানৰ পৰা দিনৰ পোহৰতে চূৰি হয় ৷

পাছত বাইকৰ গৰাকীদ্বয়ে চুৰিৰ ঘটনাটো মৰনৈ আৰক্ষীক অৱগত কৰায়।

এনেদৰে বাইক চোৰ হোৱাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে সন্ধিয়া ৫ মান বজাত চুৰি হোৱা বাইক দুখন কৃষ্ণাই-মৰনৈ পথৰে নেপালীখুটিৰ পৰা কৃষ্ণাই অভিমুখে তীব্ৰ গতিত গৈ থকা অৱস্থাত দহিকটা বজাৰত উপস্থিত থকা ৰাইজৰ সন্দেহ হয় ৷

দুয়োখন বাইকৰ চালকক ৰখাবলৈ ইংগিত দিয়ে যদিও ৰাইজৰ চকুত ধুলি দি পলায়ন কৰিব খোজা অৱস্থাত দহিকটাতে এজনক বাইকসহ ৰাইজে আটক কৰে।

ইপিনে, আন এখন বাইকত থকা দুজনে তীব্ৰ গতিৰে পলাই গজিয়াজানী গাঁৱত প্ৰবেশ কৰাৰ সময়তে ৰাইজৰ চিঞৰ বাখৰ শুনি বাইক আৰোহী এজনে ধাননি পথাৰত সোমাই পলায়ন কৰে যদিও এজনক বাইকসহ ৰাইজে আটক কৰে।

ৰাইজে আটক কৰা চোৰ  দুটা হ’ল ৰাক্ষসিনী গাঁৱৰ আইনুল হক আৰু শিমোলিতোলা কানকটা গাঁৱৰ জেহেৰুল হক।

আনহাতে, দহিকটা আৰু গজিয়াজানীত আটক হোৱা চোৰ দুটাক ৰাইজে উত্তম মাধ্যম দি মৰনৈ আৰক্ষীক খবৰ দিয়ে ৷

পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে তেজেৰে লুতুৰি পুতুৰি অৱস্থাত উদ্ধাৰ কৰি মৰনৈ চিকিৎসালয়ত ভৰ্ত্তি কৰায় ৷

উল্লেখ্য যে, বিগত কেইবামাহ ধৰি মৰনৈৰ থানাৰ অন্তৰ্গত ভিন্ন প্ৰান্তত বাইক,গৰু আদি চোৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷

আৰক্ষীয়ে চুৰি কাৰ্য প্ৰতিৰোধৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছে যদিও সম্পূৰ্ণ বিফল হোৱা পৰিলক্ষিত হৈছে ৷

Recent News

a bcd

অৱশেষত কংগ্ৰেছ-AIUDF ৰ মিত্ৰতা চূড়ান্ত

a modi som

সোমনাথ মন্দিৰৰ অধ্যক্ষ পদত মোৰাৰজী দেশাইৰ পিছত দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী মোদী

a mori

গণৰাজ্য দিৱস উদযাপন সন্দৰ্ভত মৰিগাঁৱত পৰ্যালোচনা সভা

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

অন্ত পৰিব কৃষক বিদ্ৰোহ!, ২১ জানুৱাৰিত সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিৰ সৈতে প্ৰতিবাদকাৰী কৃষকৰ বৈঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd