• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গ্ৰন্থৰ বতৰ: গুৱাহাটীৰ অসম গ্ৰন্থমেলাৰ আৱাহন সভাকক্ষত দুখন গ্ৰন্থ উন্মোচন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 3, 2023 3:26 pm
Assam Book Fair
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত এতিয়া গ্ৰন্থৰ বতৰ। গ্ৰন্থৰ বতৰত গুৱাহাটীৰ অসম গ্ৰন্থমেলাত আজি প্ৰকাশ পায় দুখন গ্ৰন্থ। স্মৃতিৰেখা ভূঞা ৰচিত দুখন গ্ৰন্থ আজি গুৱাহাটীৰ অসম গ্ৰন্থমেলাৰ আৱাহন সভাকক্ষত উন্মোচন কৰা হয়। “অসমীয়া ভাষাৰ ৰূপ-বৈচিত্ৰ্য” আৰু “সাহিত্যত চিন্তা আৰু চেতনা” নামৰ গ্ৰন্থ দুখন প্ৰকাশ কৰি উলিয়াইছে গুৱাহাটীৰ বি. আৰ. পাব্লিকেশ্যনে।

উন্মোচনী সভাখন উদ্বোধন কৰি প্ৰাক্তন উপাচাৰ্য সংস্কৃত পণ্ডিত ডঃ দীপক কুমাৰ শৰ্মাই কয় যে-“আমাক অনায়াসে লিখা কিতাপ নালাগে। কষ্ট কৰি কৰা কামহে লাগে। ভূঞাৰ পূৰ্বৰ গ্ৰন্থকেইখনে তেওঁৰ বৌদ্ধিক শ্ৰমৰ প্ৰমাণ দি থৈছে। এই দুখন পুথিও তেওঁ একে বাটেৰেই আগবঢ়াই নিছে।”

Apply Now

কিতাপ দুখন উন্মোচন কৰি ডঃ গোৱিন্দ প্ৰসাদ শৰ্মাই কয়-“চিন্তা কৰা এটা কঠিন কাম। সেইবাবে আমাৰ মানুহে চিন্তাৰ পৰা আঁতৰত থাকিবলৈকে ভাল পায়। কিন্তু স্মৃতিৰেখাই টান কাম কৰি ভাল পায়। সেইবাবেই তেওঁৰ কিতাপকেইখনে গুৰুত্বপূৰ্ণ দিশ কিছুমান দেখুৱাবলৈ সক্ষম হৈছে।”

আন এজন আলোচক ডঃ দীপ্তি ফুকন পাটগিৰিয়ে কয় যে-“অসমীয়া ভাষা চৰ্চাৰ ক্ষেত্ৰত স্মৃতিৰেখাৰ কিতাপখন গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব”। বিশিষ্ট অনুবাদক ডঃ পৰি হিলৈদাৰীয়ে কয় যে-“কল্পনাশ্ৰয়ী সাহিত্যৰ তুলনাত মানুহে চিন্তাভিত্তিক সমালোচনা সাহিত্যক কমকৈ গুৰুত্ব দিয়ে। কিন্তু কল্পনাশ্ৰয়ী সাহিত্য গুণগত ভাবে ভাল কৰাৰ স্বাৰ্থতে সমালোচনা-সাহিত্যক মানুহে গুৰুত্ব দিয়া দৰকাৰ।তদুপৰি সাহিত্যৰ ক্ষেত্ৰখনত লিংগবৈষম্যৰ প্ৰভাৱ আজিও যথেষ্ট।”

পৰি হিলৈদাৰীয়ে লগতে কয় যে “স্মৃতিৰেখা ভূঞা এতিয়া চালুকীয়া হৈ থকা নাই। ইতিমধ্যেই তেওঁ এগৰাকী প্ৰতিষ্ঠিত সমালোচক। তেওঁৰ এইকেইখন কিতাপেও লেখকৰ সেই চিৰিয়াছ সমালোচনাৰ চৰিত্ৰকে বহন কৰিছে।”

সভাখনত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় যে-“আজিৰ সময়ত ভাল কিতাপৰহে সমাদৰ আছে। পাল মৰা কিতাপেৰে এতিয়া পাঠকক ঠগিব নোৱাৰি।মানুহৰ এতিয়া চিৰিয়াছ কিতাপৰ প্ৰতি আগ্রহ বাঢ়িছে।” অনুষ্ঠানটোত লেখক ভূঞাই কিতাপকেইখনৰ বিষয়ে চমু আভাস দাঙি ধৰে।

ভৌগোলিক অৱস্থিতি অনুসৰি এটা ভাষাৰ মাজত যিদৰে বিভিন্ন স্থানীয় ৰূপ কিছুমান সৃষ্টি হয় সেইদৰে পৰিস্থিতি,পৰিবেশ আৰু বৃত্তিৰ পাৰ্থক্য অনুসৰিও এটা ভাষাৰ মাজতে অনেক ৰূপ গঢ় লয় আৰু বৰ্তি থাকে।অসমীয়া ভাষাও ভাষাৰ এই সহজাত নিয়মৰ ব্যতিক্ৰম নহয়।

সেইবাবেই বাতৰি-কাকত, বিজ্ঞাপন, বৈদ্যুতিন মাধ্যম আদিত ভাষাটোৰ যিসমূহ ৰূপ প্ৰচলিত সেই সকলোৰে কিছুমান স্বকীয়তা আছে। অসমীয়া ভাষাৰ এই ভিন্ন ৰূপ সমূহৰ স্বকীয়তা কি, ভাষাৰ সৈতে সমাজৰ সম্পৰ্ক কেনেধৰণৰ সেই বিষয় সমূহ সামৰি লেখকে ভাষা বিষয়ক কিতাপখন যুগুত কৰিছে।

কিতাপখনৰ এটা আকৰ্ষণীয় প্ৰৱন্ধ হ’ল “ক’ৰ’নাকালীন অসমীয়া ভাষা”। আনহাতে কিতাপখনৰ এটা উল্লেখযোগ্য দিশ হ’ল ইয়াত তেওঁ বৰ্তমান সময়ত অসমীয়া ভাষাত যিসমূহ নতুন শব্দ-বাক্য ব্যৱহাৰ হ’বলৈ লৈছে সেইসমূহক সামৰি “নব্য-অসমীয়া” ভাষা হিচাপে ইয়াক অভিহিত কৰি এটা ৰূপৰেখা দেখুৱাইছে।

ভাষাৰ পৰিৱৰ্তনৰ ধৰ্ম অনুসৰি সৃষ্টি হোৱা এই “নব্য-অসমীয়া”ক আমি গ্ৰহণ কৰা উচিতনে?দৈনন্দিন ব্যৱহৃত ভাষাৰ ক্ষেত্ৰত আমি কিমানখিনি কঠোৰ হোৱা প্ৰয়োজন?সেই সম্পৰ্কেও লেখকে ইয়াত নিজা মত ব্যক্ত কৰিছে। আজি উন্মোচন হোৱা আনখন গ্ৰন্থ “সাহিত্যত চিন্তা আৰু চেতনা”ত সাহিত্য সম্পৰ্কীয় কেবাটাও গুৰুত্বপূৰ্ণ প্ৰবন্ধ সন্নিৱিষ্ট হৈছে।

গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোৰ এটা বিশেষ আকৰ্ষণ আছিল কণমানি আশ্ৰমিকাৰ অনুষ্ঠান পৰিচালনা। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী আশ্ৰমিকাই গুৰু-গম্ভীৰ অনুষ্ঠানটো সুন্দৰকৈ পৰিচালনা কৰি সকলোকে আপ্লুত কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

August 22, 2026 12:17 pm
মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

August 22, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd