পাকিস্তানৰ কৰাচীৰ জিন্না আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত সংঘটিত বিস্ফোৰণত দুজন চীনা নাগৰিক নিহত হোৱাৰ লগতে কমেও ১০ জন আহত হয়। স্থানীয় সময় অনুসৰি যোৱা নিশা প্ৰায় ১১ বজাত সংঘটিত হয় এই বিস্ফোৰণ।
বিগত কেইবছৰমানৰ পৰা পাকিস্তানত চীনৰ প্ৰকল্পৰ সৈতে জড়িত সাধাৰণ নাগৰিকক আক্ৰমণ কৰি অহা বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰে।
পাকিস্তানত থকা চীনৰ দূতাবাসে এই ঘটনাক ‘সন্ত্রাসবাদী আক্রমণ’ বুলি অভিহিত কৰিছে৷ স্থানীয় পাকিস্তানী শ্ৰমিকসকলো হতাহতৰ ভিতৰত আছে বুলি তেওঁলোকে জানিবলৈ দিয়ে।
সোমবাৰে বিএলএই এক বিবৃতিত কয় যে তেওঁলোকে “চীনা অভিযন্তা আৰু বিনিয়োগকাৰীৰ উচ্চ পৰ্যায়ৰ বহৰ”ক লক্ষ্য কৰি লৈছে। ইয়াৰ বাবে তেওঁলোকে ‘বাহনত চলা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ’ (কাৰ বোমা) ব্যৱহাৰ কৰিছিল।
লগতে পঢ়কঃ বায়ুসেনাৰ অনুশীলন চাবলৈ বিষম পৰিণতি! কমেও পাঁচজনৰ মৃত্যু, ২০০ৰো অধিক অসুস্থ
চীনৰ দূতাবাসে কয় যে এই অভিযন্তাসকল চীনৰ পুঁজিৰে কৰা প’ৰ্ট কাছিম পাৱাৰ জেনেৰেশ্যন কো লিমিটেডৰ কৰ্মচাৰী, যিয়ে কৰাচীৰ ওচৰৰ প’ৰ্ট কাছিমত কয়লা চালিত দুটা বিদ্যুৎ কেন্দ্ৰ নিৰ্মাণৰ কাম কৰি আছে। পাকিস্তানৰ বেলুচিস্তানত কেইবাটাও আন্তঃগাঁথনি আৰু শক্তি প্ৰকল্পৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা চীন-পাকিস্তান ইকনমিক কৰিডৰ (চিপিইচি)ৰ অংশ এই বিদ্যুৎ কেন্দ্ৰ।
বেলুচিস্তান লিবাৰেশ্যন আৰ্মী (বিএলএ) আৰু অন্যান্য বেলুচ জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি স্বাধীন ৰাষ্ট্ৰৰ দাবীত বিদ্ৰোহ চলাই আহিছে। বি এল এয়ে নিয়মিতভাৱে অঞ্চলটোৰ চীনা নাগৰিকক লক্ষ্য কৰি লয়। তেওঁলোকে দাবী কৰে যে বিদেশী বিনিয়োগকাৰীৰ জৰিয়তে উৎপন্ন হোৱা ধনৰ উচিত অংশ বেলুচ বাসিন্দাসকলে লাভ কৰা নাই।
চীনৰ দূতাবাসে চীনৰ নাগৰিকসকলক সজাগ হ’বলৈ পৰামৰ্শ দি কয় যে তেওঁলোকে এই আক্ৰমণৰ সম্পূৰ্ণ তদন্ত কৰি “হত্যাকাৰীক কঠোৰ শাস্তি” দিব।
ইফালে, পাকিস্তানে চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনৰ বাবে নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰিছে।
লগতে পঢ়কঃ বিজেপি শাসিত ত্ৰিপুৰাত দুই ফৈদৰ মাজত ৰক্তাক্ত সংঘৰ্ষ, প্ৰশাসনৰ নিষেধাজ্ঞা জাৰি
সিন্ধৰ গৃহমন্ত্ৰী জিয়াউল হাছান লাঞ্জাৰে কয় যে ইম্প্ৰভাইজড বিস্ফোৰক যন্ত্ৰৰ বাবেই এই বিস্ফোৰণ সংঘটিত হোৱাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে ২০২২ চনৰ এপ্ৰিল মাহত কৰাচী বিশ্ববিদ্যালয়ৰ কনফুচিয়াছ ইনষ্টিটিউটৰ ওচৰত বিএলএ-ৰ আত্মঘাতী আক্ৰমণত তিনিজন চীনা শিক্ষক আৰু এজন পাকিস্তানী চালকৰ মৃত্যু হৈছিল।