• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী মুখ্য মন্ত্ৰীয়ে দেখুৱালে জাতি-মাটি-ভেটি ৰক্ষাৰ দায়বদ্ধতা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 12, 2019 11:43 am
Untitled-1 copy
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতা কৰি উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী মুখ্য মন্ত্ৰী অৰুণাচল প্ৰদেশৰ পেমা খাণ্ডু আৰু মণিপুৰৰ এন বীৰেন সিঙে সোমবাৰে গৃহ মন্ত্ৰী ৰাজনাথ সিঙক ৰাজ্যসভাত বিধেয়ক গৃহীত নোহোৱাটো নিশ্চিত কৰিবলৈ আহ্বান জনাইছে।

উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য মন্ত্ৰীসকলৰ সৈতে প্ৰায় আধা ঘন্টা ধৰি অনুষ্ঠিত হোৱা বৈঠকত মুখ্য মন্ত্ৰী দুগৰাকীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰীক উত্তৰ-পূৰ্বাঞ্চলত চলি থকা অস্থিৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰে।

তেওঁলোকে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা নিৰ্যাতনৰ বলি হৈ অহা অ-মুছলমান লোকক ভাৰতীয় নাগৰিকত্ব দিব বিচৰা বিধেয়কখনৰ বিৰুদ্ধে উত্তৰ-পূৰ্বাঞ্চলত অব্যাহত থকা প্ৰতিবাদ সম্পৰ্কেও গৃহ মন্ত্ৰীৰ আগত উদ্বিগ্নতা প্ৰকাশ কৰে।

মুখ্য মন্ত্ৰী দুগৰাকীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীক উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণে পতিয়ন যোৱাৰ আগতে তথা তেওঁলোকৰ সাংস্কৃতিক তথা ভাষিক পৰিচয় সুৰক্ষিত কৰাৰ আগেয়ে নাগৰিকত্ব বিধেয়কখন গৃহীত নকৰিবলৈ আহ্বান জনাইছে।

জানিব পৰা মতে, গৃহ মন্ত্ৰী গৰাকীয়ে তেওঁলোকক চিন্তিত নহ’বলৈ কৈ উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকৰ অধিকাৰ কোনো কাৰণতে বিঘ্নিত নহয় বুলি আশ্বাস দিয়ে।

উল্লেখযোগ্য যে ভাৰতীয় নাগৰিকত্ব লাভৰ ক্ষেত্ৰত বিধেয়কখনে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা নিৰ্যাতিত হৈ অহা হিন্দু, জৈন, খ্ৰীষ্টান, শিখ, বৌদ্ধ আৰু পাৰ্চী লোকক ভাৰতত পূৰ্বতে থকা ১২ বছৰৰ পৰিৱৰ্তে ৭ বছৰ ভাৰতত বসবাস কৰিলেই কোনো নথিপত্ৰ নাথাকিলেও নাগৰিকত্ব প্ৰদানৰ সুবিধা দিব।

ইপিনে, বিধেয়কখনে এইদৰে ভাৰতলৈ ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত অহা অ-মুছলমান লোকসকলক নাগৰিকত্ব দিব বিচৰা কাৰ্যৰ বিৰোধিতা কৰিছে বিভিন্ন ৰাজনৈতিক দল-সংগঠনে। তদুপৰি, ই অসম চুক্তিৰ ১৯৭১ চনৰ সময়সীমাকো উলংঘা কৰিব।

অসম চুক্তি অনুসৰি  ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত অহা  জাতি-ধৰ্ম নিৰ্বিশেষে সকলো অবৈধ অনুপ্ৰৱেশকাৰীকে বহিষ্কাৰ কৰিব লাগে যিটো বিধেয়কখনে উলংঘা কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd