মণিপুৰৰ বিষ্ণুপুৰত উগ্ৰপন্থীৰ আক্ৰমণত চিআৰপিএফৰ দুজন জোৱান নিহত, আহত চাৰিজন

মণিপুৰৰ নৰসেনা অঞ্চলত সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ আক্ৰমণত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ দুজন জোৱান নিহত হয়।আৰক্ষীয়ে উল্লেখ কৰে যে মাজনিশাৰ পৰা আৰম্ভ হোৱা এই আক্ৰমণ পুৱা ২:১৫ বজালৈকে অব্যাহত থাকে।

ৰাজ্যখনৰ বিষ্ণুপুৰ জিলাৰ নৰসেনা অঞ্চলত নিয়োজিত চিআৰপিএফৰ ১২৮ বেটেলিয়নৰ এই জোৱানসকল।সূত্ৰ অনুসৰি যোৱা ২৭ এপ্ৰিলৰ প্ৰায় নিশা ১২:৪৫ বজাত মৈৰাং আৰক্ষীৰ অধীনস্থ নাৰায়ণসেনাৰ এখন গাঁৱৰ ফালে সশস্ত্ৰ সংগঠনে গুলীচালনা কৰা বুলি জানিব পৰা গৈছে।

সশস্ত্ৰ সংগঠনে নিক্ষেপ কৰা বোমাটো নাৰায়ণসেনাস্থিত বি/১২৮ বিএন চিআৰপিএফৰ আউটপোষ্টৰ ভিতৰত পৰি বিস্ফোৰণ ঘটে। তদুপৰি বিস্ফোৰণৰ ফলত চাৰিজন জোৱান আহত হয়৷ পৰিদৰ্শক/জিডি জাদৱ দাস, এছআই/জিডি এন সৰকাৰ, এইচচি/জিডি অৰূপ ছেইনী, আৰু চিটি/জিডি আফতাব হুছেইন আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে এছআই/জিডি এন ছাকাৰ আৰু এইচচি/জিডি অৰূপ ছেইনীৰ মৃত্যু হয়।