নগাঁও জিলাৰ অন্যতম সাংস্কৃতিক গোষ্ঠী ‘সৃষ্টি’ য়ে ৪ আৰু ৫ নৱেম্বৰৰ পৰা সদৌ অসম ভিত্তিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা আয়োজন কৰিছে।
‘সৃষ্টি’ৰ ব্যৱস্থাপনাত চামগুৰিত প্ৰতি বৰ্ষৰ গ্ৰীষ্মৰ বন্ধত পুৰণি অসমীয়া গীতৰ কৰ্মশালা অনুষ্ঠিত হৈ আহিছিল যদিও এইবাৰ নৱম বৰ্ষৰ পদক্ষেপ ৰূপে সুধাকণ্ঠ গৰাকীৰ গীতৰ প্ৰতিযোগিতা আয়োজন কৰিছে।
এই প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত হ’ব। ‘ক’ শাখাত ৬ বছৰৰ পৰা ১৩ বছৰ বয়স আৰু ‘খ’ শাখাত ১৩ বছৰ বয়সৰ ঊৰ্ধ্ব প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব। ‘ক’ শাখাৰ প্ৰথম বিজয়ী প্ৰতিযোগীক ১৭,০০১ টকা, দ্বিতীয় বিজয়ী প্ৰতিযোগীক ১২,০০১ টকা আৰু তৃতীয় বিজয়ী প্ৰতিযোগীক ৮,০০১ টকা লগতে ‘খ’ শাখাৰ প্ৰথম বিজয়ী প্ৰতিযোগীক ২২,০০১ টকা, দ্বিতীয় বিজয়ী প্ৰতিযোগীক ১৫,০০১ টকা আৰু তৃতীয় বিজয়ী প্ৰতিযোগীক ১০,০০১ টকা নগদ ধন আগবঢ়োৱা হ’ব বুলি সমিতিৰ সভাপতি হিৰণ্য কুমাৰ চমুৱা আৰু কাৰ্যকৰী সভাপতি প্ৰদীপ বৰাই জানিব দিয়ে।
প্ৰতিযোগী সকলে ৪ নৱেম্বৰৰ পুৱা ১০ বজাৰ আগতেই ৫০১ টকা ভৰ্তি মাচুল লগতে বয়সৰ প্ৰমাণ পত্ৰ দাখিল কৰি নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। তিনি বিধ বাদ্যযন্ত্ৰ ( অবৈদ্যুতিক ) ব্যৱহাৰ কৰিব পাৰিব লগতে বাদ্যযন্ত্ৰ আৰু বাদ্যযন্ত্ৰী নিজে আনিব লাগিব।
প্ৰতিযোগী সকলে ড০ ভূপেন হাজৰিকাৰ কথা, সুৰ আৰু নিজে কণ্ঠদান কৰা গীতহে পৰিবেশন কৰিব পাৰিব। ৫ নৱেম্বৰৰ সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট শিল্পী সুনীল দেব (কলকাতা), কুল বৰুৱা, ৰাজু আনচাৰী কে ধৰি কেইবাজনো শিল্পীয়ে গীত পৰিবেশন কৰিব।
প্ৰতিযোগিতাৰ বিষয়ে সবিশেষ জানিবৰ বাবে সুভদ্ৰা ইলেকট্ৰ’নিক্ছ, চামগুৰি অথবা ৭০০২৭৪৫৫৭৬ ৯৬৭৮২২৯১৮১ নম্বৰত যোগাযোগ কৰিবলৈ ‘সৃষ্টি’ৰ উদ্যোক্তা সকলে আহ্বান জনাইছে।