৬ বছৰৰ পিছত ২২ আৰু ২৩ ছেপ্টেম্বৰত ডিমৌ নাট্যমন্দিৰত নাটক প্ৰদৰ্শনী

Dimou Natya Mandir

শিৱসাগৰ জিলাৰ ডিমৌ সাংস্কৃতিক ক্ষেত্ৰখনক দীৰ্ঘ সময়ৰ বিৰতিৰ পিছত পুনৰ প্ৰাণৱন্ত কৰি ডিমৌ নাট্য মন্দিৰত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে নাট প্ৰদৰ্শন কৰিবলৈ লোৱা হৈছে।

উল্লেখযোগ্য যে যোৱা ৬ বছৰ ধৰি বন্ধ হৈ থাকি জৰাজীৰ্ণ ৰূপ লোৱা ডিমৌ নাট্যমন্দিৰটোক পুনৰ নিৰ্মাণ কৰাৰ পিছত যোৱা ১৫ আগষ্টত থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে ইয়াৰ দুৱাৰ মুকলি কৰে।

ডিমৌৰ সমাজকৰ্মী প্ৰয়াত ভূপেন বৰগোহাঁইৰ নেতৃত্বত আশী দশকৰ পৰা নিৰ্মাণ আৰম্ভ হোৱা ভৱনটো নব্বৈ দশকত ৰাস মহোৎসৱেৰে শুভাৰম্ভ কৰা হৈছিল। কিন্তু কেইবছৰমান আগতে নাট্য মন্দিৰটো বিভিন্ন দিশৰ পৰা ব‍্যৱহাৰৰ অনুপযোগী হৈ এলাগী হৈ পৰে।

পিছত ৰাইজৰ দাবীত কংগ্ৰেছ চৰকাৰৰ থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে মুখ্য মন্ত্ৰীৰ বিশেষ পুঁজিৰ পৰা বিশ লাখ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা পঞ্চাছ লাখ টকা ভৱনটোৰ পুনৰ নিৰ্মাণৰ বাবে মুকলাই দিয়ে।

উক্ত পুঁজিৰে নিৰ্মাণ সম্পূৰ্ণ হৈ নাট্য মন্দিৰটোত ২২ আৰু ২৩ ছেপ্টেম্বৰত ডিমৌৰ ন-পুৰণি শিল্পীসকলে দুখনকৈ নাটক মঞ্চস্থ কৰাৰ যো-যা চলায়। প্ৰয়াত ভূপেন বৰগোহাঁই আৰু কংকন গগৈৰ সোঁৱৰণত প্ৰদৰ্শন কৰিবলৈ লোৱা নাট দুখন হৈছে ডিমৌৰ নাট‍্যকাৰ কল দত্তৰ পৰিচালনাত নাট‍্যকাৰ অৱতাৰ সিঙৰ ‘বৰঘৰৰ জুই’ আৰু প্ৰশান্তজিৎ চেতিয়াৰ পৰিচালনাত সমৰেন্দ্ৰ বৰ্মণৰ ‘কাশ্মীৰি প্ৰিয়া’।

সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’ব লগা দুয়োদিনৰ নাট প্ৰদৰ্শনীত নাটক উপভোগ কৰিবলৈ ডিমৌৰ সমূহ নাট‍্যপ্ৰেমী ৰাইজক  কলা-কুশলী সকলে আহ্বান জনাইছে।