NORTHEAST NOW (Assamese)

চামগুৰিত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বিনামূলীয়া যোগ অনুশীলন

November 17, 2018 6:50 pm · বিদ্যুত জ্যোতি বৰা

সমগ্ৰ বিশ্বতে বিস্তাৰ লাভ কৰা যোগশিক্ষাক চামগুৰিবাসীৰ মাজত অধিক প্ৰসাৰ কৰাৰ উদ্দেশ্যে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অগ্ৰণী যোগ প্ৰশিক্ষণ কেন্দ্ৰ ‘যোগ প্ৰেৰণা, দ্য যোগা চেন্টাৰ’ত আজিৰ পৰা বিনামূলীয়াকৈ দুদিনীয়া যোগশিক্ষা অনুশীলন আৰম্ভ হৈছে।

‘যোগ প্ৰেৰণা’ কেন্দ্ৰৰ প্ৰতিষ্ঠতা তথা যোগ প্ৰশিক্ষক ৰেখামনি দাসে জানিবলৈ দিয়া মতে বৃহত্তৰ চামগুৰি অঞ্চলক সামৰি ‘যোগ প্ৰেৰণা’ৰ উদ্যোগত চামগুৰিত অহা ২৫ নৱেম্বৰত দিনজোৰা কাৰ্যসূচীৰে এখন যোগ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

উক্ত যোগ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ বিচৰা ইচ্ছুক প্ৰতিযোগীৰ বাবে আজি প্ৰথম দিনাৰ অনুশীলন হৈ যায় আৰু কাইলৈ অংশগ্ৰহণকাৰি সকলক দিনজোৰাকৈ বিনামূলীয়াভাৱে যোগৰ ন ন ক্ৰীড়া কলাপৰ অনুশীলন কৰোৱা হ’ব।

এই অনুশীলনৰ প্ৰতি আগ্ৰহী সকলক ৯৮৬৪৭৩৬৭২৬ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে। যোগ অনুশীলনত আজিৰ কাৰ্যসূচীত অঞ্চলটোৰ প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে বুলি জানিব পৰা গৈছে।

Related News