DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুখলজ্জা বচোৱাৰ চেষ্টা কংগ্ৰেছৰ : চোৰাং চিকাৰীৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ; উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ

অগপৰ নেতৃত্বই কি সিদ্ধান্ত ল'ব গণেশ দলেৰ ক্ষেত্ৰত?

এন ই নাও নিউজ by এন ই নাও নিউজ
November 17, 2018 6:26 pm
Untitled-1 copy (12)

কংগ্ৰেছৰ পঞ্চায়তৰ প্ৰাৰ্থী গঁড় চিকাৰী দিলোৱাৰ হুছেইন।

263
VIEWS
Share on FacebookShare on Twitter

গঁড় চিকাৰত অভিযুক্ত এজন লোকক পঞ্চায়তৰ সভাপতিৰ পদৰ বাবে প্ৰাৰ্থিত্ব দি পিছত চাৰিওফালৰ পৰা অহা ধিক্কাৰত তৰণি হেৰুৱাই বিশ্বনাথ জিলা কংগ্ৰেছে মুখলজ্জা বচোৱাৰ শেষ চেষ্টা কৰিছে। আজি বিশ্বনাথ জিলা কংগ্ৰেছ কমিটীয়ে জানিবলৈ দিয়ে যে দলে ছোৱাগুৰি পঞ্চায়তৰ সভাপতি হিচাপে টিকট দিয়া দিলৱাৰ হুছেইনৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে। এই সন্দৰ্ভত জিলা কমিটীয়ে প্ৰাৰ্থীজনৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাই জিলাৰ উপায়ুক্তলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।

দলৰ সূত্ৰই কয় যে প্ৰাৰ্থীজন গঁড় হত্যাত জড়িত বুলি অভিযোগ পোৱাৰ পিছতে প্ৰদেশ কংগ্রেছৰ সভাপতি শ্ৰীৰিপুণ বৰাৰ নিৰ্দেশ অনুসৰি প্ৰাথমিক তদন্ত কৰি তেওঁৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা হৈছে।

আনহাতে উপায়ুক্তলৈ প্ৰেৰণ কৰা পত্ৰখনত বিশ্বনাথ জিলা কমিটীয়ে লিখিছে, “পঞ্চায়ত সভাপতি পদৰ বাবে দিলৱাৰ হুছেইনৰ নামটো অনুমোদন জনোৱা হৈছিল যদিও আমি জানিব পাৰিছো যে তেওঁ ২০১১ চনৰ গঁড় চিকাৰী কেছৰ লগত জড়িত আছিল।”

তাৰোপৰি কমিটীয়ে কয়, “আইন মতে, আইনী বিচাৰ চলি থকা অৱস্থাত এজন প্ৰাৰ্থীয়ে তেওঁৰ প্ৰাৰ্থিত্ব আগ বঢ়াব পাৰে যদিও, কংগ্ৰেছ দলৰ স্বচ্ছতা ৰক্ষাৰ স্বাৰ্থত আমি তেওঁৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছো।”

উল্লেখযোগ্য যে অগপ দলে বোকাখাতৰ ধনশিৰি মুখ গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে কাজিৰঙাৰ এজন গঁড় চিকাৰীক টিকট দিছিল। ইয়াৰ দুদিন পিছতে কংগ্ৰেছ দলটোৱেও অগপৰ পদাংক অনুকৰণ কৰি বিশ্বনাথ জিলাৰ ছোৱাগুৰি পঞ্চায়তৰ সভাপতি পদত দিলৱাৰ হুছেইন নামৰ এজন চোৰাং চিকাৰীক প্ৰাৰ্থিত্ব দিয়ে।

Bishwanath Congress
বিশ্বনাথ কংগ্ৰেছে উপায়ুক্তলৈ লিখা পত্ৰখন।

কথাটোক লৈ ৰাজ্যত ব্যাপক চৰ্চা আৰু সমালোচনাৰ জোৱাৰ উঠে। ছ’চিয়েল মিডিয়াতো তীব্ৰ ভৰ্ৎসনা দেখিবলৈ পোৱা যায়। এনে বিৰূপ প্ৰতিক্ৰিয়াৰ পিছতে আজি কংগ্ৰেছে দিলৱাৰ হুছেইনৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰিছে। কিন্ত ইতিমধ্যে দিলৱাৰ হুছেইনে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দিছে।

মন কৰিব লগীয়া যে বিশ্বনাথ জিলা প্ৰথম পৰ্য্যায়ত নিৰ্বাচন হ’ব। গতিকে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম সীমা ইতিমধ্যে পাৰ হৈছে। যদি প্ৰাৰ্থীজনৰ মনোনয়ন পত্ৰ কংগ্ৰেছ দলৰ অনুৰোধ ৰাখি উপায়ুক্তই প্ৰত্যাহাৰ কৰে, তেন্তে পঞ্চায়ত সমষ্টিটোত সভাপতি পদৰ প্ৰাৰ্থী নাথাকিব কংগ্ৰেছৰ।

Recent News

Bhima Koregaon Case

ভীমা কোৰেগাঁও গোচৰ: হাৰাশাস্তিৰ অভিযোগত কাৰাগাৰৰ ভিতৰতে অনশনত বহিল গোৰাখে

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা নেতা ৰকিবুল হুছেইনৰ পদত্যাগ! বাতৰি অস্বীকাৰ হুছেইনৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা নেতা ৰকিবুল হুছেইনৰ পদত্যাগ! বাতৰি অস্বীকাৰ হুছেইনৰ

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd