NORTHEAST NOW (Assamese)

শিৱসাগৰত বন্যপ্ৰাণী সংৰক্ষণৰ আইন বলবৎকৰণ আৰু বন্যপ্ৰাণী সৰবৰাহৰ মোকাবিলা সন্দৰ্ভত দুদিনীয়া কৰ্মশালা

July 22, 2019 8:55 pm · এন ই নাও নিউজ
Updated: July 22, 2019 8:57 pm
ফটো : নৰ্থ-ইষ্ট নাও

শিৱসাগৰ জিলাৰ বন সংমণ্ডল বিষয়া (টেৰিটৰিয়েল)ৰ উদ্যোগত তথা ৱাইল্ড লাইফ ক্ৰাইম ছ’চাইটি (WCS) আৰু ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰ’ল বিওৰো (WCCB) ৰ সহযোগত আজি শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত বন্যপ্ৰাণী সংৰক্ষণৰ আইন বলবৎকৰণ আৰু বন্যপ্ৰাণী সৰবৰাহৰ মোকাবিলা সন্দৰ্ভত দুদিনীয়া কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়।

কৰ্মশালাখনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে এই কৰ্মশালাৰ জৰিয়তে বন্যপ্ৰাণী সংৰক্ষণৰ আইন বলবৎ কৰাৰ ক্ষেত্ৰত ফলপ্ৰসু পদক্ষেপ গ্ৰহণত সুবিধা হোৱাৰ উপৰি বন্যপ্ৰাণী সৰবৰাহৰ ঘটনা সমূহৰ মোকাবিলা কৰাতো সহায়ক হ’ব বুলি উল্লেখ কৰে।

তেওঁ এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগ সমূহে ঐক্যবদ্ধ ভাৱে কাম কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

কৰ্মশালাৰ আজিৰ দিনটোৰ কাৰ্যসূচী সমূহত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ৱাইল্ড লাইফ ক্ৰাইম ছ’চাইটিৰ মৃদুলা বিজয় ৰাঘৱন, ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰ’ল বিওৰোৰ ড০ কে কে শৰ্মা, ৱাইল্ড লাইফ ক্ৰাইম ছ’চাইটিৰ অনিৰ্বাণ চৌধুৰী আৰু ৱাইল্ড লাইফ ক্ৰাইম ছ’চাইটিৰ ছাহিলা কোদালকৰে।

কৰ্মশালাখনত আৰক্ষী আৰু বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ উপৰি বন সংমণ্ডল বিষয়া (টেৰিটৰিয়েল) জয়শ্ৰী নাইডিং, অতিৰিক্ত আৰক্ষী অধীক্ষক বলিন দেউৰী, উপ-আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তয়ো অংশগ্ৰহণ কৰে।

Related News