DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডুবাইলৈ ১৭ টন মাটিকঠাল ৰপ্তানি ত্ৰিপুৰাৰ; ইজৰাইল, বাহৰেইন আদি দেশেও দেখুৱাইছে মাটিকঠাল ক্ৰয়ৰ প্ৰতি আগ্ৰহ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 22, 2019 8:38 pm
pineapple

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

768
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে সোমবাৰে ত্ৰিপুৰাৰ পৰা ডুবাইলৈ ১৭ টন সুস্বাদু আৰু স্বাস্থ্যকৰ মাটিকঠাল ৰপ্তানিৰ ফ্লেগ অফ কৰে।

গ্ৰীষ্মকালীন ফলক বিশ্বজুৰি জনপ্ৰিয় কৰা পদক্ষেপৰ অংশস্বৰূপে ত্ৰিপুৰাই বিগত বৰ্ষত ১.৫ টন কুইন প্ৰজাতিৰ মাটিকঠাল ডুবাইলৈ ৰপ্তানি কৰিছিল।

মুখ্য মন্ত্ৰী দেৱে ২০২১ চনৰ ভিতৰত ত্ৰিপুৰাত মাটিকঠালৰ উৎপাদন ১.২৬ লাখ টনৰ পৰা ৩ লাখ টনলৈ বৃদ্ধি কৰাৰ কথা উল্লেখ কৰাৰ লগতে উৎপাদিত মাটিকঠালসমূহ ভাৰতত বিভিন্ন ৰাজ্য আৰু অন্য দেশসমূহলৈ ৰপ্তানি কৰা হ’ব বুলি কয়।

ৰপ্তানি কৰা মাটিকঠাল সমূহ ৯-১০ দিনৰ ভিতৰত ডুবাই পাব।

বাংলাদেশৰ সৈতে ত্ৰিপুৰাৰ প্ৰস্তাৱিত জলপথৰ কাম সম্পূৰ্ণ হ’লে মাটিকঠাল, নেমু আৰু অন্যন্য সামগ্ৰীৰ ৰপ্তানিৰ মূল্য আৰু হ্ৰাস পাব বুলি দেৱে মন্তব্য কৰে।

ত্ৰিপুৰাত কুইন প্ৰজাতিৰ মাটিকঠালৰ উৎপাদন ২৫ শতাংশ বৃদ্ধি পাইছে বুলি মত প্ৰকাশ কৰি দেৱে ৰাজ্যখনৰ প্ৰতিটো ব্লকতে কৃষকসকলক মাটিকঠালৰ খেতি বহলভাৱে কৰাৰ বাবে আহ্বান জনায়।

আনহাতে, মুখ্য মন্ত্ৰীগৰাকীয়ে ভবিষ্যতে ৰাজ্যখনে বিদেশলৈ আৰু অধিক মাটিকঠাল ৰপ্তানি কৰিবলৈ সক্ষম হ’লে কৃষকসকল লাভান্বিত হ’ব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

তদুপৰি, দেৱে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্যত ত্ৰিপুৰা চৰকাৰে মাটিকঠাল ৰপ্তানিৰ দ্বাৰা উপনীত হ’ব বুলি কয়।

ত্ৰিপুৰাৰ কৃষি আৰু পৰিবহন মন্ত্ৰী প্ৰানজ্যিৎ সিং ৰয়ে কয় যে এটা মাটিকঠালৰ মূল্য সাধাৰণতে ৫-১০ টকা হয় কিন্তু ৰপ্তানিৰ ক্ষেত্ৰত প্ৰতিটো মাটিকঠালৰ মূল্য হয় গৈ ১৫ টকা।

ৰাজ্যখনৰ উদ্যান শস্য বিভাগে উল্লেখ কৰা অনুসৰি ইজৰাইল, বাহৰেইনকে আদি কৰি বিভিন্ন দেশে ত্ৰিপুৰাৰ পৰা মাটিকঠাল ক্ৰয় কৰাৰ প্ৰতি আগ্ৰহ ব্যক্ত কৰিছে।

Recent News

Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

Unique Art Works: তাঁতশালত শিল্পকর্মৰ অপূৰ্ব নিদৰ্শন; তামুলপুৰৰ যুৱক বিজয়ে প্ৰশংসা বুটলিছে স্বাভিমানী অসমীয়াৰ

Unique Art Works: তাঁতশালত শিল্পকর্মৰ অপূৰ্ব নিদৰ্শন; তামুলপুৰৰ যুৱক বিজয়ে প্ৰশংসা বুটলিছে স্বাভিমানী অসমীয়াৰ

School with a difference: ব্যক্তিগত বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰি জিলিকি উঠিছে টীয়কৰ চমুৱা গছপুৰীয়া প্ৰাথমিক বিদ্যালয়

School with a difference: ব্যক্তিগত বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰি জিলিকি উঠিছে টীয়কৰ চমুৱা গছপুৰীয়া প্ৰাথমিক বিদ্যালয়

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd