NORTHEAST NOW (Assamese)

আৰক্ষীৰ গুলীচালনাৰ ফলত বিলাসীপাৰাত ভয়ংকৰ দুৰ্ঘটনা; দুজনৰ মৃত্যু

August 3, 2019 11:10 pm · মুকেশ কুমাৰ সিং

ধুবুৰী জিলাৰ বিলাসীপাৰাত আজি সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো আহত হয়। দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

প্ৰাপ্ত তথ্য মতে আৰক্ষীয়ে বিলাসীপাৰাৰ মাছপাৰা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চুৰি চক্ৰৰ সন্দেহত এখন ৪০৭ মিনি ট্ৰাকলৈ খেদি খেদি গুলীচালনা কৰিছিল। ফলত ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই আন এখন ট্ৰাক আৰু এখন বাইকত খুন্দা মৰাত বাইক আৰোহী দুজনৰ মৃত্যু হয়।

ইয়াৰে এজনক হুছেইন আলী মণ্ডল বুলি চিনাক্ত কৰা হৈছে আনজনক বাতৰি লিখা পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই।

আনহাতে দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে স্থানীয় ৰাইজে ঘাইপথটো কিছু সময়ৰ বাবে অৱৰোধ কৰি গুলীচালনা কৰা দোষী আৰক্ষী বিষয়াৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী তোলে।

জিলাখনৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ তথা ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে উদ্ধাৰ অভিযান চলায়।

আৰক্ষী অধীক্ষক গৰাকীয়ে স্থানীয় উত্তেজিত লোকক সমগ্ৰ বিষয়টোৰ এক তদন্ত কৰাৰ লগতে দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থাৰ গ্ৰহণৰ আশ্বাস দিয়ে।

Related News