কলিয়াবৰত আজি দিন দুপৰতে সংঘটিত এক ডকাইতিৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। কলিয়াবৰ এছ বি আই শাখাৰ সন্মুখত দিনৰ প্ৰায় ১১.৩০ মান বজাত বেংকৰ পৰা এজন গ্ৰাহকে ধন উলিয়াই অনাৰ সময়তে এটা দুৰ্বৃত্তৰ দলে এই কাণ্ড সংঘটিত কৰে।
অৱশ্যে আৰক্ষীয়ে অতি তৎপৰতাৰে দুয়োগৰাকী ডকাইতকে কৰায়ত্ত কৰে। তেওঁলোকক আশীষ দাস আৰু সুৰেশ সিং বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে ডকাইত দুজনৰ ঘৰ বিহাৰত যদিও বৰ্তমান দুয়ো ওদালগুৰিত বাহৰ পাতি আছিল।
ঘটনাৰ বিৱৰণি অনুসৰি কলিয়াবৰৰ চতিয়াল তেল ডিপুৰ মেনেজাৰ ৰাজকিৰণ কুমাৰে বেংকৰ পৰা ২ লাখ ৩০ হাজাৰ টকা উলিয়াই আনোতেই দুজনীয়া ডকাইতৰ এটা দলে তেওঁৰ পৰা ধনৰ বেগটো কাঢ়ি নিয়ে। প্ৰথম অৱস্থাত স্থানীয় লোকৰ তৎপৰতাত কলিয়াবৰ আৰক্ষীয়ে ঘটনাস্থলীতে এজন দুৰ্বৃত্তক আটক কৰিছিল যদিও টকাসহ আজন দুৰ্বৃত্তই তাৰ পলায়ন কৰিবলৈ সক্ষম হয়।
ঘটনাৰ খবৰ পায়ে কলিয়াবৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া খৰ্গেশ্বৰ বৰদলৈসহ আৰক্ষীৰ এটা দল তাত উপস্থিত হৈ ধৃত আশীষ দাস নামৰ ডকাইতজনক লগত লৈ অভিযান চলাই নগাঁৱৰ বৰঘাটৰ পৰা সুৰেশ সিং নামৰ আনজন ডকাইতক আটক কৰে।
আনহাতে ডকাইতৰ দলটোৱে লুটি নিয়া ২ লাখ ৩০ হাজাৰ টকাৰ আংশিক ধনহে উদ্ধাৰ হৈছে বুলি কলিয়াবৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে জানিবলৈ দিয়াৰ লগতে কয় যে ঘটনা সন্দৰ্ভত আৰু অধিক তথ্যৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে।
মাত্ৰ ৬ ঘণ্টাৰ ভিতৰতে দুটাকৈ ডকাইতক ধৰিবলৈ সক্ষম হোৱা কলিয়াবৰ আৰক্ষীৰ এই সফল অভিযানৰ স্থানীয়ে ৰাইজে যথেষ্ট শলাগ লৈছে।