চামগুৰিত দুই ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে : নগদ টকাসহ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

index

ৰাজ্যত ড্ৰাগছ মাফিয়াৰ দৌৰাত্ম্য চলি থকাৰ সময়তে নগাঁও জিলাৰ চামগুৰি আৰক্ষীয়ে মিছা আৰু বৰমাত অভিযান চলাই দুটাকৈ গভাইত ড্ৰাগছ মাফিয়া কৰায়lত্ত কৰিবলৈ সক্ষম হয় চামগুৰি আৰক্ষী।

চামগুৰি আৰক্ষীয়ে দেওবাৰে মিছাত গোপন খবৰ ভিত্তিত অভিযান চলাই আছাফুল ইছ্লাম (২১) নামৰ এটা ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ত কৰাৰ লগতে বাৰটা কন্টেনাৰ, ২. ২০ গ্ৰাম হিৰ’ইনসহ নগদ ১০,৩৩০ টকা জব্দ কৰিবলৈ সক্ষম হয়।

মিছাত ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি আৰক্ষীৰ জালত বন্দী হোৱা আছাফুল ইছ্লামৰ ঘৰ আমনিৰ খলিহামাৰীত বুলি জানিব পৰা গৈছে।

আনহাতে আছাফুলৰ জেৰাৰ ভিত্তিত পৰৱৰ্তী সময়ত চামগুৰি আৰক্ষীয়ে সোনাৰিবালিৰ বৰমাত অভিযান চলাই আছাদুল ৰহমান (২৮) নামৰ আন এটা ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

বৰমাত ড্ৰাগছ বিক্ৰীৰ উদ্দেশ্যে আহি আটক হোৱা আছাদুল ৰহমানৰ পৰা ১৮ টা কন্টেনাৰ, ২. ৮৭ গ্ৰাম হিৰ’ইনসহ নগদ ১০,৭৮০টকা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

আটকাধীন আছাদুলৰ ঘৰ বাজিয়াগাঁৱৰ ভগামূৰত বুলি আৰক্ষীৰ সুত্ৰে প্ৰকাশ কৰিছে।