NORTHEAST NOW (Assamese)

কলিয়াবৰত দুই ড্ৰাগছ ব্যৱসায়ী আৰক্ষীৰ জালত, কে টি এম বাইকৰ লগতে ধন জব্দ

July 15, 2021 8:43 am · ৰিদিপ শৰ্মা
Updated: July 15, 2021 8:45 am

কলিয়াবৰ আৰক্ষীয়ে SOP ভংগকাৰীৰ বিৰুদ্ধে চলোৱা নিয়মীয়া তালাচীত ধৰা পৰে দুই ড্ৰাগছ সৰবৰাহকাৰী ।

ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা ৯৫,২৮০  টকাৰ লগতে AS 12 Y 9694 নম্বৰৰ এখন কে টি এম বাইক জব্দ কৰে আৰক্ষীয়ে ।

দুই ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে শিৱস্থানৰ নবিৰ হুছেইন আৰু মহবৰ আলী।

জানিব পৰা অনুসৰি নলতলিৰ পৰা কলিয়াবৰ তিনিআলিৰ দিশে আহি থাকোতে আৰক্ষীৰ জালত পৰে দুই ড্ৰাগছ সৰবৰাহকাৰী।

প্ৰাথমিক অৱস্থাত দুয়োকে ক’ভিড প্ৰটোকল ভঙ্গৰ অভিযোগত  জৰিমনা বিহিবলৈ লওঁতেই তেওঁলোকৰ কথাৰ কিছু অমিল আৰু শাৰীৰিক আচাৰ ব্যৱহাৰৰ ওপৰত সন্দেহ হওঁতেই আৰক্ষীয়ে দুয়োকে তালাচী চলোৱাত ওলাই পৰে ওৰহী গছৰ ওৰ।

বৰ্তমান আৰক্ষীয়ে দুই ড্ৰাগছ সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে ।

উল্লেখ্য যে¸ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰী বহুদিনৰ পৰা পলাতক হৈ আছিল। দুয়োকে বিচাৰি অভিযান চলাই আছিল চামগুৰি আৰক্ষীয়ে।

ইতিমধ্যে¸ কলিয়াবৰ আৰক্ষীয়ে সুৰা আৰু ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান ।

Related News