আশা নিৰ্বাপিত! অহা সপ্তাহত আলফাই চৰম শাস্তি বিহিব কুইপৰ দুই অপহৃত বিষয়াক

অৱশেষত যেন সকলো আশা নিৰ্বাপিত হোৱাৰ পথত। আলফা আৰু এনএছচিএনে অপহৰণ কৰা কুইপৰ দুই শীৰ্ষ বিষয়াৰ মুক্তিৰ বাবে বান্ধি দিয়া ১৬ ফেব্ৰুৱাৰীৰ অন্তিম সময় সীমা উকলি যোৱাৰ পিছত অহা সপ্তাহত দুই বিষয়াক চৰম শাস্তি বিহা হ’ব বুলি আজি আলফাই ঘোষণা কৰিছে।

আলফাৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসম স্বাক্ষৰিত এক  বিবৃতিৰ জৰিয়তে আলফাই বিষয়া দুগৰাকীক চৰম শাস্তি বিহা হ’ব বুলি ঘোষণা কৰিছে।

অৰুণাচলৰ পৰা অপহৃত দুই কুইপৰ বিষয়াৰ মুক্তিৰ প্ৰসংগত কিছুদিন পূৰ্বে আলফাই এক বিবৃতি প্ৰকাশ কৰিছিল।

বিবৃতিটোত আলফাই কুইপৰ কৰ্মচাৰীৰ মুক্তিৰ বাবে সময়সীমা বান্ধি দিছিল।

১৬ ফেব্ৰুৱাৰীৰ ভিতৰত কুইপ নামৰ কোম্পানীটোৱে আলফাই দাবী কৰা  মুক্তিপণ আদায় নিদিলে কোম্পানীটোৰ বিহাৰৰ অপহৃত বিষয়া ৰাম কুমাৰক ১৭ ফেব্ৰৱাৰীত হত্যা কৰাৰ ভাবুকি দিয়া হৈছিল। অৱশ্যে সেইবাৰ আলফাই বিষয়া জনৰ বিৰুদ্ধে চৰম পন্থা গ্ৰহণ কৰা নাছিল।

আজি প্ৰকাশ কৰা বিবৃতিত আলফাই কুইপ কোম্পানীটোক দক্ষিণ-পূব এছিয়াত নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰাৰ লগতে কোম্পানীটোত কৰ্মৰত কৰ্মচাৰীসকলক নিজৰ কৰ্ব্যৰ পৰা বিৰত থাকি অইল ইণ্ডিয়া লিমিটেডক কৰ্মসংস্থাপনৰ বাবে হেঁচা দিবলৈ কৈছে।

অন্যথা যিকোনো বিষম পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰ দায়িত্ব কৰ্মচাৰীসকলে নিজেই বহন কৰিব লাগিব বুলি বিবৃতিটোত সতৰ্ক কৰি দিয়া হৈছে।

উল্লেখ্য কিছুদিন পূৰ্বে আলফাই ম্যানমাৰৰ ঘন অৰণ্যৰ পৰা প্ৰেৰণ কৰিছিল এক ভিডিঅ’।উক্ত ভিডিঅ’ত  ভিডিঅ’ত কুইপ’ৰ বিষয়াদ্বয় ক্ৰমে প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰে তেওঁলোকৰ মুক্তিৰ বাবে যাৱতীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ কোম্পানীৰ উৰ্দ্ধতন কৰ্তৃপক্ষৰ লগতে অসম তথা বিহাৰৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছিল।

কুইপ’ৰ বিষয়া দুগৰাকীক ২০২০ চনৰ ডিচেম্বৰ মাহৰ শেষৰ পিনে অৰুণাচলৰ চাংলাং জিলাৰ পৰা আলফা আৰু এনএচচিএনে অপহৰণ কৰি নিছিল।

এমাহ অতিক্ৰম কৰাৰ পিছতো বিষয়া দুজনৰ মুক্তিৰ বাবে চৰকাৰ তথা কুইপে কোনো ধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ নকৰাত তেওঁলোকৰ জীৱনলৈ অনিশ্চয়তা নামি আহিছে।

বিগত ২০ ডিচেম্বৰত অৰুণাচলৰ ডায়ুনৰ পৰা অপহৃত হৈছিল দুই বিষয়া।

অপহৃত বিষয়া দুগৰাকীক আলফাই সোমবাৰে চৰম শাস্তি বিহিব বুলি কৰা ঘোষণাই এতিয়া দুয়োটা পৰিয়াললৈ নমাই আনিছে চৰম উদ্বিগ্নতা।পৰিয়াল দুটাই এতিয়াও আলফাক মানৱতাৰ খাটিৰতে বিষয়াদ্বয়ক মুকলি কৰি দিয়াৰ কাতৰ অনুৰোধ জনাইছে।