NORTHEAST NOW (Assamese)

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে আগ্ৰাসী নিৰাপত্তাৰক্ষী: দুটাকৈ এনকাউণ্টাৰত নিহত চাৰি সন্ত্ৰাসবাদী

October 5, 2022 10:55 am · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ছবি

জম্মু-কাশ্মীৰত অব্যাহত আছে নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। যোৱা বৰ্ষৰ শেষৰ ফালৰ পৰা উপত্যকাটোত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলাই আছে নিৰাপত্তাৰক্ষীয়ে। ভাৰতীয় সেনা আৰু কাশ্মীৰ আৰক্ষীৰ যুটীয়া অভিযানত এতিয়ালৈকে নিহত হৈছে প্ৰায় দুই শতাধিক সন্ত্ৰাসবাদী।

এনে ধাৰাবাহিক অভিযানৰ মাজতে কালি নিশা পুনৰ দুটাকৈ পৃথক পৃথক এনকাউণ্টাৰে জোকাৰি যায় জম্মু-কাশ্মীৰ। উপত্যকাটোৰ শ্বপিয়ান জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত দুটা সংঘৰ্ষৰ সময়ত জঈছ-ই-মহম্মদৰ তিনি সন্ত্ৰাসবাদীৰ লগতে নিহত হৈছে এগৰাকী স্থানীয় সন্ত্ৰাসবাদী।

পুৱালৈকে চলি থকা এই অভিযান দুটা ক্ৰমে শ্বপিয়ানৰ ড্ৰাচ এলেকা আৰু মুলু অঞ্চলত সংঘটিত হয়। নিৰাপত্তা বাহিনীয়ে ড্ৰাচ অঞ্চলত জঈছ-ই-মহম্মদৰ সৈতে সম্পৰ্কিত তিনি সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰাৰ বিপৰীতে মুলু অঞ্চলত আন এজন সন্ত্ৰাসবাদীক হত্যা কৰিছে।

এনকাউণ্টাৰ সন্দৰ্ভত কাশ্মীৰ আৰক্ষীয়ে টুইট যোগে সদৰী কৰি লিখিছে, “শ্বপিয়ানৰ ড্ৰাচ অঞ্চলত এনকাউণ্টাৰ আৰম্ভ হৈছে। আৰক্ষী আৰু সুৰক্ষা বাহিনীয়ে এই অভিযানত অংশ লৈছে। এনকাউণ্টাৰৰ অধিক বিৱৰণ পিছত সদৰী কৰা হ’ব।”

আন এক পৃথক টুইটত কাশ্মীৰ আৰক্ষীয়ে জঈছ-ই-মহম্মদৰ তিনি সন্ত্ৰাসবাদী নিহত হোৱা হোৱা বুলি সদৰী কৰে। ইয়াৰ ভিতৰত নিহত সন্ত্ৰাসবাদী হানান বিন য়াকুব জামছেদ যোৱা দুই অক্টোবৰত পুলৱামাৰ পিংলানাত আৰক্ষী বিষয়া জাভেদ দাৰ আৰু ২৪ ছেপ্টেম্বৰত পশ্চিম বংগৰ এগৰাকী শ্ৰমিকৰ হত্যাত জড়িত আছিল বুলি উল্লেখ কৰে কাশ্মীৰ আৰক্ষীয়ে।

আনহাতে আজি পুৱা আন এটা টুইটত দ্বিতীয়টো এনকাউণ্টাৰৰ বিষয়ে ৰাজহুৱা কৰি কাশ্মীৰ আৰক্ষীয়ে মুলু অঞ্চলত আৰক্ষী আৰু সুৰক্ষা বাহিনীয়ে যুটীয়াভাৱে অভিযান চলোৱা বুলি উল্লেখ কৰিছিল।

 

উল্লেখ্য যে কালি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ জম্মু আৰু কাশ্মীৰত উপস্থিত হৈছিল। তিনিদিনীয়া জম্মু-কাশ্মীৰ ভ্ৰমণলৈ যোৱা শ্বাহে মঙলবাৰে জম্মু অঞ্চলৰ ৰাজৌৰী জিলাত এক ৰেলী সম্বোধন কৰিছিল।

আজি পুনৰ গৃহমন্ত্ৰী শ্বাহে উত্তৰ কাশ্মীৰৰ বাৰামুলাত আন এখন ৰেলী সম্বোধন কৰিব।গৃহমন্ত্ৰীৰ ভ্ৰমণৰ সময়তে উপত্যকাটোত দুটাকৈ এনকাউণ্টাৰ সংঘটিত হোৱাৰ বাবে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

Related News