• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

উত্তৰাখণ্ডৰ ভয়াৱহ বাছ দুৰ্ঘটনাত নিহত ৩২ গৰাকী বিবাহযাত্ৰী, ২০ গৰাকী আহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 5, 2022 11:21 am
Uttarakhand Bus Accident
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে উত্তৰাখণ্ডৰ কোটদ্বাৰ জিলাত সংঘটিত ভয়াৱহ বাছ দুৰ্ঘটনাত ৩২ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। প্ৰায় ৫৫ গৰাকী যাত্ৰী কঢ়িয়াই অনা এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা প্ৰায় ৫০০ মিটাৰ গভীৰ খাৱৈত বাগৰি পৰাৰ ফলত এই শোকাৱহ ঘটনা সংঘটিত হৈছে।

দুৰ্ঘটনাটোত বাছখনত থকা আন প্ৰায় ২০ গৰাকী যাত্ৰী আহত হয় বুলি উদ্ধাৰ অভিযানৰ তদাৰক কৰা এগৰাকী বিষয়াই জানিবলৈ দিয়ে। এছডিআৰএফ, এনডিআৰএফ আৰু আৰক্ষীয়ে যুটীয়াভাৱে উদ্ধাৰ অভিযান চলাই আছে আৰু আহতসকলক চিকিৎসালয়লৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে বুলি বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে।

Apply Now

প্ৰকাশিত খবৰ অনুসৰি এখন বিয়াত অংশ লোৱাৰ উদ্দেশ্যে বাছখন হৰিদ্বাৰ জিলাৰ লালধাঙৰ পৰা পাউৰী জিলাৰ বিৰখল খণ্ডলৈ গৈ আছিল। পাউৰী জিলাৰ ধুমাকোটে অঞ্চলত বাছখন নিয়ন্ত্ৰণ হেৰুৱাই খাদত বাগৰি পৰে।

এই দুৰ্ঘটনাৰ বিষয়ে জানিব পৰাৰ পিছতে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। ইফালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই শোকাৱহ দুৰ্ঘটনাৰ বিষয়ে জানিব পৰাৰ পিছতে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কেন্দ্ৰত উপস্থিত হয় আৰু তৎকালীন উদ্ধাৰ অভিযানৰ নিৰ্দেশ দিয়ে।

উদ্ধাৰ অভিযানৰ মাজতে উত্তৰাখণ্ড আৰক্ষীৰ টুইটাৰ হেণ্ডেলত উল্লেখ কৰা মতে সেই সময়লৈকে ৯ গৰাকী লোকক দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছিল।প্ৰথম অৱস্থাত অৱশ্যে দুৰ্ঘটনাটোত কোনো লোকৰে মৃত্যুৰ খবৰ পোৱা হোৱা নাছিল যদিও আজি উদ্ধাৰ অভিযানত ৩২ গৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।

এই শোকাৱহ দুৰ্ঘটনাৰ পাছতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক টুইট যোগে দুৰ্ঘটনাৰ বাবে দুখ প্ৰকাশ কৰি দুৰ্ঘটনাত নিহত সকলৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰি ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়োৱা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে।

The bus accident in Pauri, Uttarakhand is heart-rending. In this tragic hour my thoughts are with the bereaved families. I hope those who have been injured recover at the earliest. Rescue operations are underway. All possible assistance will be provided to those affected: PM Modi

— PMO India (@PMOIndia) October 5, 2022

আনহাতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও এক টুইট যোগে শোক প্ৰকাশ কৰে। দুৰ্ঘটনাত নিহতসকলৰ আত্মীয়ক সমবেদনা জনাই তেওঁ লগতে আঘাতপ্ৰাপ্ত সকল সোনকালেই সুস্থ হৈ উঠিব বুলি আশা প্ৰকাশ কৰে।

उत्तराखंड के पौड़ी जिले में हुई बस दुर्घटना मन को व्यथित करने वाली है। इस घटना में जिन लोगों ने अपनों को खोया है उनके प्रति मैं अपनी संवेदना व्यक्त करता हूँ। ईश्वर उन्हें यह भारी दुःख सहने की शक्ति दें। जो इस दुर्घटना में घायल हैं, मैं उनके स्वस्थ होने की कामना करता हूँ।

— Rajnath Singh (@rajnathsingh) October 5, 2022

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd