• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুষ্পা-২ৰ পিছত গেম চেঞ্জাৰ, প্ৰিমিয়াৰত প্ৰাণ হেৰুৱালে দুজনে; কিমান টকা দিলে ৰামচৰণে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 7, 2025 10:04 am
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিপদ যেন শেষ হোৱা নাই দক্ষিণৰ তাৰকাসকলৰ। ‘পুষ্পা-২’ৰ প্ৰিমিয়াৰৰ ক’লা ছাঁ এইবাৰ ‘গেম চেঞ্জাৰ’ৰ প্ৰিমিয়াৰত। প্ৰিমিয়াৰত শ্ব’টো চাবলৈ আহি দুজন অনুৰাগীৰ মৃত্যু হ’ল। অন্ধ্ৰ প্ৰদেশৰ ৰাজামুন্দ্ৰীত সংঘটিত হৈছে এই ঘটনা।

ইয়াৰ পূৰ্বে আল্লু অৰ্জুনৰ ‘পুষ্পা: দ্য ৰুল’ৰ প্ৰিমিয়াৰত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে তেওঁৰ ৮ বছৰীয়া পুত্ৰ আহত হৈছিল। সেইদিনা হায়দৰাবাদৰ সেই চিনেমা হলটোত আল্লু অৰ্জুন নিজেই উপস্থিত আছিল। আৰু সেইবাবেই তেওঁৰ ফালে উঠিছিল অভিযোগৰ আঙুলি। ক্ষতিপূৰণৰ বাবে দাবী উত্থাপন কৰা হয় আৰু ঘটনাত নাবালকৰ চিকিৎসাৰ দায়িত্ব লোৱা হয়। আনকি নায়কৰ বিৰুদ্ধে গোচৰো তৰা হয়। এতিয়া আল্লু অৰ্জুন জামিনত মুকলি হৈ আছে।

Apply Now

পুষ্পা-২ৰ সেই ঘটনাৰ আঁচ এতিয়াও মাৰ যোৱা নাই । ইফালে শনিবাৰে অন্ধ্ৰ প্ৰদেশৰ ৰাজামুন্দ্ৰীত অনুষ্ঠিত হয় ‘গেম চেঞ্জাৰ’ৰ প্ৰিমিয়াৰ। ছবিখনৰ নায়ক ৰামচৰণৰ লগতে তাত উপস্থিত আছিল ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ। সেই অনুষ্ঠানৰ পৰা উভতি অহাৰ পথত নায়কৰ দুজন অনুৰাগীৰ মৃত্যু হয়। বাইকেৰে ঘৰলৈ উভতি অহাৰ পথত বিপৰীত দিশৰ পৰা অহা এখন গাড়ীয়ে খুন্দা মাৰিছিল।

জানিব পৰা মতে, “গেম চেঞ্জাৰ”ৰ প্ৰযোজক দিল ৰাজুৱে মৃত ব্যক্তি দুজনৰ পৰিয়ালক ৫ লাখ টকাকৈ মুঠ ১০ লাখ টকা আগবঢ়াইছে। সোমবাৰে এই ঘোষণা কৰে প্ৰডাকচন কোম্পানীটোৱে। ৰাজুৱে কয়, ‘এনে আনন্দৰ মুহূৰ্তত এনে এটা ঘটনা বৰ দুখজনক। যিমান পাৰো তেওঁলোকৰ পৰিয়ালৰ লগত থাকিম। আৰম্ভণিতে মই তেওঁলোকৰ পৰিয়ালক ৫ লাখ টকা দিলো। তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ।‘

জনা গৈছে যে ছবিখনৰ প্ৰযোজকৰ উপৰিও অন্ধ্ৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী পৱন কল্যানে পৰিয়াল দুটাক ৫ লাখ টকাৰ আৰ্থিক সাহায্যও আগবঢ়াইছে। আনহাতে, অভিনেতা ৰাম চৰণেও মৃতকৰ পৰিয়ালক ৫ লাখ টকা দি আৰ্থিক সাহায্য আগবঢ়াইছে। ঘটনা সন্দৰ্ভত ৰামচৰণে কয়, ‘এই মৰ্মান্তিক দুৰ্ঘটনাটোত মই গভীৰভাৱে ব্যথিত। আমি সদায় অনুৰাগীসকলক নিৰাপদে ঘৰলৈ উভতি যাবলৈ পৰামৰ্শ দিওঁ। এই ঘটনাই মোক বিচলিত কৰিছে। মৃতকৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ঈশ্বৰে তেওঁলোকক শক্তি দিয়ক। আমি তেওঁলোকৰ কাষত থিয় দি সকলো প্ৰয়োজনীয় সহায় আগবঢ়াম।‘

ইফালে পৱন কল্যাণৰ দাবী যে বিগত ৫ বছৰে দুৰ্ঘটনা সংঘটিত হোৱা পথটো বেয়া হৈ আছে। ইয়াৰ বাবে তেওঁ পূৰ্বৰ চৰকাৰে কাম নকৰাৰ অভিযোগ উত্থাপন কৰে। অহা ১০ জানুৱাৰীত মুক্তি পাব ৰামচৰণৰ ‘গেম চেঞ্জাৰ’। কিয়াৰাক তাত তেওঁৰ বিপৰীতে দেখা যাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

June 6, 2026 7:54 pm
মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

June 6, 2026 6:54 pm
কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

June 6, 2026 6:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

June 6, 2026 7:54 pm
মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd