• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বন্যপ্ৰাণীৰ সুৰক্ষা আৰু অপৰাধ নিয়ন্ত্ৰণৰ বাবে আৰক্ষীলৈ আৰণ্যকৰ বলেৰ’ কেম্পাৰ বাহন প্ৰদান

উত্তম শইকীয়া by উত্তম শইকীয়া
December 5, 2020 8:25 pm
IMG-20201205-WA0053
391
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়ৰ সুৰক্ষাৰ লগতে বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণত সহায়ক হোৱাকৈ দেশৰ আগশাৰীৰ সংগঠন আৰণ্যকে ৱাইল্ড লাইফ কনজাৰভেশ্যন নেটৱৰ্কৰ ৰাইন’ ৰেচকিউ ফাণ্ডৰ  সহায়ত আজি গোলাঘাট জিলা আৰু নগাঁও জিলা আৰক্ষীক একোখনকৈ বলেৰ’ কেম্পাৰ বাহন প্ৰদান কৰে।

এই উপলক্ষে আজি কহঁৰাস্থিত আৰক্ষী অতিথিশালাত আয়োজিত এক অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি. শিৱকুমাৰ, গোলাঘাট  জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং আৰু নগাঁও জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপৰ উপৰিও অনান্য আৰক্ষী বিষয়াও উপস্থিত থাকে।

অনুষ্ঠানত আৰণ্যকৰ সচিব প্ৰধান ডঃ বিভৱ কুমাৰ তালুকদাৰে আনুষ্ঠানিকভাৱে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং আৰু কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ হাতত বাহন দুখন অৰ্পণ কৰে।

অনুষ্ঠানটোত বক্তব্য প্ৰদান কৰি ডঃ বিভৱ কুমাৰ তালুকদাৰে গড়ঁ হত্যা আৰু অন্যান্য বন্যপ্ৰাণী অপৰাধসমূহৰোধ কৰাত অসম আৰক্ষী বিষয়াসকলে গ্ৰহণ কৰা সক্ৰিয় ভূমিকাক প্ৰশংসা কৰে আৰু অসম গৌৰৱ এশিঙীয়া গড়ঁক নিৰাপত্তা প্ৰদান কৰাত গোলাঘাট আৰু নগাঁও জিলাৰ আৰক্ষী বাহিনীৰ শলাগ লয় ।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও আৰণ্যকে বন্যপ্ৰাণী অপৰাধ ৰোধ কৰাৰ বাবে গোলাঘাট জিলা আৰক্ষীক ছখন মটৰচাইকেল প্ৰদান কৰিছিল।

২০১৯-২০ বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা গঁড় আৰু অন্যান্য বন্যপ্ৰাণী সুৰক্ষা আৰু নিৰীক্ষণৰ বাবে উদ্যানখনৰ কৰ্তৃপক্ষক চাৰিখন ৪ চকীয়া বাহন আৰণ্যকে প্ৰদান কৰাৰ উপৰিও যোৱা আগষ্ট মাহত কাৰ্বিআংলং জিলাৰ আৰক্ষীক জিলাখনত চলি থকা বন্যপ্ৰাণী অপৰাধ ৰোধ কৰাৰ বাবে এখন বলেৰ’ কেম্পাৰ প্ৰদান কৰিছিল ।

আজিৰ অনুষ্ঠানত বক্তব্য প্ৰদান কৰি গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ  সিঙে আৰণ্যকৰ এই পদক্ষেপৰ বাবে ধন্যবাদ প্ৰদান কৰাৰ বিপৰীতে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপেও আৰণ্যকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

অনুষ্ঠানটিত বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱা, আৰণ্যকৰ বাঘ গৱেষণা আৰু সংৰক্ষণ বিভাগৰ প্ৰধান ডঃ ফিৰোজ আহমেদ, আইন আৰু উপদেষ্ট গোটৰ প্ৰৱন্ধক মানস কুমাৰ ভট্টাচার্য আৰু কাজিৰঙাৰ জ্যোষ্ঠ সাংবাদিক স্বপন নাথো উপস্থিত আছিল।

 

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd