DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভাগ্যই নিদিলে সংগ! গাঞ্জা সৰবৰাহৰ বাবে লৈছিল ‘পুষ্পা’ ষ্টাইল, হ’ল ৰঙাঘৰৰ আলহী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 28, 2022 2:54 pm
Marijuana smuggling in Pushpa style
87
VIEWS
Share on FacebookShare on Twitter

যোৱা বৰ্ষৰ শেষৰ ফালে মুক্তি পোৱা দক্ষিণৰ চুপাৰষ্টাৰ আল্লু অৰ্জুন অভিনীত ‘পুষ্পা: দ্য ৰাইজ’- এ ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল। পুষ্পাৰ জনপ্ৰিয়তাই দেশৰ সীমা অতিক্ৰম কৰি আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো স্পৰ্শ কৰিছিল।

পুষ্পাৰ কৰ্মকাণ্ড তথা আচৰণ অনুসৰণ কৰাত নামি পৰিছিল অনুৰাগীৰ লগতে একাংশ অপৰাধী চক্ৰও! এই চিনেমাখনৰ মূল চৰিত্ৰ পুষ্পাই আৰক্ষীৰ চকুত ধূলি দি অভিনৱ পন্থাৰে অবৈধভাৱে সৰবৰাহ কৰিছিল ৰঙা চন্দন।

চিনেমাখনৰ মুক্তিৰ পাছত পুষ্পাৰ এনে কৌশল অনুসৰণ কৰি দেশত এনেদৰে কেইবাটাও চুৰিকাণ্ড তথা চোৰাং সৰবৰাহ কাণ্ড আৰক্ষীৰ জালত পৰাৰ খবৰ প্ৰকাশ পাইছিল।

এনে এক অনুৰূপ ঘটনাই পুনৰ ঘটিছে অন্ধ্ৰ প্ৰদেশত। দেওবাৰে অন্ধ্ৰ প্ৰদেশৰ আল্লুৰি সীতাৰামৰাজু জিলাত বিশেষ আৰক্ষীয়ে এটা চোৰাং চক্ৰৰ দুজন সদস্যক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ পৰা ১৩০ কেজি গাঞ্জা জব্দ কৰে।

২০২১ চনৰ তেলেগু চিনেমা ‘পুষ্পা: দ্য ৰাইজ’ৰ পৰা অনুপ্ৰাণিত হৈ ধৃত দুই অভিযুক্তই এখন বলেৰ’ গাড়ীত এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি লুকুৱাই ৰাখিছিল।

পুষ্পা: দ্য ৰাইজ চিনেমাত দেখুওৱা আৰক্ষীৰ পৰা ৰক্ষা পৰিবলৈ চোৰাং ব্যৱসায়ৰ কৌশল অনুকৰণ কৰিবলৈ চেষ্টা কৰি ধৃত দুই অভিযুক্তই বিশেষ শ্বেল্ফ স্থাপন কৰি গাড়ীখনৰ ওপৰৰ অংশত গাঞ্জাখিনি লুকুৱাই ৰাজ্যৰ সীমান্ত পাৰ হ’বলৈ চেষ্টা চলাইছিল।

পিছে যাত্ৰাপথত সন্দেহজনকভাৱে স্পেচিয়েল এনফ’ৰ্চমেণ্ট ব্যুৰোৰ এটা দলে বলেৰ’ বাহনখন আটক কৰে আৰু পৰীক্ষণৰ সময়তে গাড়ীখনৰ ওপৰৰ অংশত ১৩০ কিলোগ্ৰাম গাঞ্জা লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰে।

দুই সৰবৰাহকাৰীয়ে গাড়ীখনত গাঞ্জা ভৰ্তি বেগ কেইটা লুকুৱাৰ ৰখাৰ বাবে বিশেষ শ্বেল্ফ বনাই লৈছিল। পিছে আৰক্ষীৰ চকুত ধূলি দিয়াত ব্যৰ্থ হয় দুই দুৰ্বৃত্ত আৰু আৰক্ষীয়ে কোৰাপুটৰ পাংগী মহেশ্বৰ আৰু ডুমব্ৰিগুডাৰ ৰমেশ নামৰ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

জব্দকৃত গাঞ্জা আৰু ধৃত লোক দুজনক স্পেচিয়েল এনফ’ৰ্চমেণ্ট ব্যুৰোৰ দলটোৱে স্থানীয় ডুমব্ৰিগুডা আৰক্ষীক গতাই দিয়ে। ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

Recent News

ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন

ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd