• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ দুশ ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন

বিদ্যুৎজ্যোতি বৰা by বিদ্যুৎজ্যোতি বৰা
June 9, 2019 6:36 am
a5c7cd30-e4d6-447d-ab3a-7cda34003144

ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ চামগুৰিৰ ভেলেউগুৰিত শনিবাৰে বাজিয়া মণ্ডল বিজেপিৰ উদ্যোগত বাৰখন গাঁও পঞ্চায়তৰ অন্তৰ্গত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ মুঠ দুশ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয় ৷

বাজিয়া মণ্ডল বিজেপিৰ উপ সভাপতি তথা আমলখী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য ৰাজু চবৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অভিনন্দন জ্ঞাপন অনুষ্ঠানত উদ্দেশ্য বাখ্যা কৰে বাজিয়া মণ্ডল বিজেপিৰ সম্পাদক নিতুল মনি বৰাই ৷ পুৱা বন্তি প্ৰজ্বলনৰ পাছতে ইন্দ্ৰজিৎ দাসৰ পৰিচালনাত নৃত্যাঞ্জলী নৃত্য বিদ্যালয়ৰ শিল্পীবৃন্দই পৰিৱেশন কৰা নৃত্য-গীত অনুষ্ঠানে উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তোলে ৷

Apply Now

দেৱানন্দ বৰাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অভিনন্দন অনুষ্ঠানত চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দুৰ্লভ কুমাৰ মহন্ত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি নিজৰ ভাষণ প্ৰসঙ্গত কয় যে, ব্যক্তিগত অথবা ৰাজহুৱা খণ্ডৰ বিদ্যালয়তকৈ চৰকাৰী খণ্ডৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষকৰ সৌহাদ্যপূৰ্ণ সহযোগিতাৰ অভাৱতে চৰকাৰী বিদ্যালয়ত উত্তীৰ্ণৰ হাৰ নিম্নগামী হৈছে ৷ এই ক্ষেত্ৰত অভিভাৱক সকলক বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় ৷

আজিৰ অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট শিক্ষাবিদ প্ৰবীণ চন্দ্ৰ বৰাই নিজৰ ভাষণ প্ৰসঙ্গত কয় যে, ব্যক্তিগত খণ্ডত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰী সকলক অভিভাৱক সকলে ঘৰুৱা শিক্ষকৰ ব্যৱস্থা কৰি যি ধৰণে সহযোগিতাৰ কৰে, তাৰ তুলনাত চৰকাৰী বিদ্যালয়ত অভিভাৱক সকলে গুৰুত্ব প্ৰদান কৰা দেখা নাযায় ৷

তেওঁ লগতে কয় যে চৰকাৰে সৰ্ব শিক্ষা মিছনৰ জৰিয়তে খাদ্য,য়ুনিফৰ্ম, কিতাপ আৰু মাচুল বিনামুলীয়াকৈ যোগান ধৰাৰ পাছতো চৰকাৰী বিদ্যালয়ত অভিভাৱক সকলে দায়বদ্ধতা স্বীকাৰ কৰা দেখা নাযায় ৷ আনহাতে অভিভাৱক সকলে মাচুল ভৰি নিজৰ সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নাম ভৰ্তি কৰোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকৰ ত্ৰিবেণী সংগমত ফলতেই ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত উত্তীৰ্ণৰ হাৰ বৃদ্ধি পোৱা দেখা গৈছে ৷

অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সমাজ কৰ্মী ৰমজান আলিয়ে চৰকাৰী বিদ্যালয়ত পৰিকল্পিত আন্ত:গাঁথনিৰ অভাৱৰ বাবেই শিক্ষাৰ মান নিম্নগামী হোৱা বুলি উল্লেখ কৰে ৷

ভেলেউগুৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পিন্টু ডেকা,কলিয়াবৰ অবিচি মৰ্চাৰ সভাপতি নিতু মুদৈ,সুতাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী প্ৰনতি দাধৰা, চামগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী মনিকা দাস হাজৰিকা, ভেলেউগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী নিৰমায় দাস, কলিয়াবৰ যুৱ মৰ্চাৰ মেডিয়া সমন্বয়ক মৌচম বৰাৰ বিশেষ তৎপৰতাত এই অনুষ্ঠানৰ আয়োজন কৰা হয়।

উক্ত অনুষ্ঠানত চামগুৰি শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য্য প্ৰমুখ দীগেন চন্দ্ৰ বৰা,সৰস্বতী একাডেমীৰ অধ্যক্ষ ৰূপজ্যোতি মহন্ত, বিশিষ্ট সমাজ সেৱক হাচেন আলি,নিৰ প্ৰসাদ দাধৰা,নৰেন বৰা,বাজিয়া ব্লকৰ সভানেত্ৰী সোনামনি ওৰাং উপস্থিত থাকি দুশ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা আৰু মান পত্ৰৰে অভিনন্দন জ্ঞাপন কৰে ৷ অনুষ্ঠানত কৃতী ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী প্ৰমুখ্যে প্ৰায় সহস্ৰাধিক লোক উপস্থিত থাকে ৷

বিদ্যুৎজ্যোতি বৰা

বিদ্যুৎজ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd