NORTHEAST NOW (Assamese)

পেছাত অধিবক্তা, গুৱাহাটীৰ দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ সম্পত্তিৰ মূল্য কিমান?

April 4, 2019 10:18 pm · কল্পজ্যোতি শইকীয়া
Updated: April 5, 2019 4:59 pm
গুৱাহাটী লোকসভা সমষ্টিৰ দুগৰাকী অধিবক্তা নিৰ্দলীয় প্ৰাৰ্থী জোনমনি দেবী খাউণ্ড আৰু উপমন্যু হাজৰিকা।

আজি অন্ত পৰিল তৃতীয় পৰ্য্যায়ৰ মনোনয়ন দাখিলৰ পৰ্ব। সমষ্টিটোৰ বাবে বিজেপি আৰু কংগ্ৰেছৰ দুগৰাকী হেভিৱেইট প্ৰাৰ্থীৰ বিপৰীতে নিৰ্দলীয় পদত প্ৰাৰ্থিত্ব আগবঢ়াইছে দুগৰাকীকৈ অধিবক্তাই। গুৱাহাটী সমষ্টিটোৰ পৰা বিভিন্ন দল আৰু নিৰ্দলীয় হিচাপত মুঠতে ১৮ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন।

গুৱাহাটীত প্ৰতিদ্বন্দিতা আগবঢ়োৱা নিৰ্দলীয় প্ৰাৰ্থী দুজনে মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শপতনামাত উল্লেখ কৰিছে তেওঁলোকৰ সম্পত্তিৰ তালিকা। ইয়াৰ ভিতৰত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ নামত ২,৮৬,৩০,৩৭৭ টকাৰ অস্থাৱৰ সম্পত্তি আছে।

ইয়াৰোপৰি, গুৱাহাটীৰ ভিন্ন স্থানৰ লগতে দিল্লীত তেওঁৰ নামত থকা, মাটি, ফ্লেট, কমাৰ্চিয়েল বিল্ডিঙকে ধৰি অন্যান্য স্থাৱৰ সম্পত্তিৰ মূল্য ৩,৫৯,০০০০০ টকা।

হাজৰিকাৰ স্থাৱৰ আৰু অস্থাৱৰ মিলাই মুঠ ৬,৪৫,৩০,৩৭৭ টকাৰ সম্পত্তি আছে। তেওঁৰ নামত বেংকৰ মুঠ ঋণ আছে ২৬,০২,৩৫৮ টকা। শপত নামাত লিপিবদ্ধ কৰা মতে এজন জ্যেষ্ঠ অধিবক্তা হিচাপে তেওঁৰ ২০১৭-১৮ বৰ্ষৰ বাৰ্ষিক আয় ১,২৫,৮৬,১২৫ টকা।

আনহাতে, উক্ত সমষ্টিৰে আন এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেবী খাউণ্ডে শপত নামাত দাখিল কৰিছে তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ সম্পত্তিৰ তালিকা। খাউণ্ডৰ নগদ ধন থকাৰ উপৰিও বাহন, গহনা ইত্যাদিক ধৰি তেওঁৰ অস্থাৱৰ সম্পত্তিৰ মূল্য ৩২,০১,২৭২ টকা। শপতনামা মতে তেওঁৰ স্বামীৰ নামত ৩১,৩১,৫৪,৭২৭ টকা মূল্যৰ অস্থাৱৰ সম্পত্তি আছে। জ্যেষ্ঠ কন্যাৰ নামত ২,০৮,৫০০ টকা আৰু কনিষ্ঠ কন্যাৰ নামত ৩,৪৭,৩৮৭ টকাৰ অস্থাৱৰ সম্পত্তি আছে। চাৰিওগৰাকীৰে মিলাই মুঠতে ৩১,৬৯,১১,৮৮৬ কোটি টকাৰ অস্থাৱৰ সম্পত্তি আছে।

ইয়াৰোপৰি, খাউণ্ডৰ নামত থকা স্থাৱৰ সম্পত্তিৰ মূল্য ৫৬,৫৮,৮৮৬ টকা, স্বামীৰ নামত ২১,৭০০,০০০ টকা। দুয়োৰে স্থাৱৰ সম্পত্তিৰ মূল্য মুঠতে ২৭,৩৫৮,৮৮৬ টকা।

ইপিনে, খাউণ্ডৰ বেংকত ঋণ আছে ২৩,৬৫,৮৮৬ টকা আৰু তেওঁৰ স্বামীৰ বেংকত ঋণ আছে ১২,৯২,৭৭,৭০৯ টকা। দুয়োগৰাকীৰে মুঠ বেংকৰ ঋণ আছে ১৩,১৬,৪৩,৫৯৫ টকা।

শপতনামাত দাখিল কৰা মতে, পেচাত অধিবক্তা জোনমণিৰ বাৰ্ষিক আয় ৫,২৩,৮৮৯ টকা আৰু পেচাত ব্যৱসায়ী স্বামীৰ বাৰ্ষিক আয় ২,৭০,১৩,৬১৯ টকা।

Related News