তেলেংগানাৰ দুগৰাকী যুৱতীয়ে সফল আৰু আৰামদায়ক জীৱনৰ সন্ধানত সুদূৰ আমেৰিকালৈ গৈছিল। কিন্তু তাতেই তেওঁলোকে কৰুণভাৱে প্ৰাণ হেৰুৱালে। স্নাতকোত্তৰ পাঠ্যক্ৰম অধ্যয়ন কৰি থকা ২৫ বছৰীয়া পুল্লাখণ্ডাম মেঘনা ৰাণী আৰু ২৪ বছৰীয়া কদিয়ালা ভাৱনাৰ কেলিফৰ্ণিয়াত পথ দুৰ্ঘটনাত মৃত্যু হয়।
শনিবাৰে সন্ধিয়া কেলিফৰ্ণিয়ালৈ যোৱাৰ পথত সংঘটিত দুৰ্ঘটনাত মৃত্যু হয় মেঘনা আৰু ভাৱনাৰ। দুয়োজনেই তেলেংগানাৰ মেহবুবাদ জিলাৰ মুলকানুৰ গাঁৱৰ বাসিন্দা।
প্ৰায় তিনি বছৰ আগতে স্নাতকোত্তৰ অধ্যয়নৰ বাবে আমেৰিকালৈ উৰা মাৰিছিল। কেইদিনমান পিছতে তেওঁলোকে ডিগ্ৰী পোৱাৰ কথা আছিল। ফলত মেঘনা আৰু ভাৱনাইও কৰ্মসংস্থাপনৰ চেষ্টা আৰম্ভ কৰিছিল। তাৰ আগতেই তেওঁলোকে প্ৰাণ হেৰুৱালে।
আৰক্ষীৰ সূত্ৰ অনুসৰি চহৰখনৰ আলাবামা হিল অঞ্চলৰ বন্ধু-বান্ধৱীৰ সৈতে ফুৰিবলৈ গৈছিল তেলেংগানাৰ বাসিন্দা যুৱতী দুগৰাকীয়ে। এখন গাড়ীৰে যাত্ৰা কৰিছিল দুয়ো। এটা সময়ত চালকজনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত গাড়ীখন দ খাৱৈত পৰি যায়। তাতেই মেঘনা আৰু ভাৱনাৰ মৃত্যু হয়।
দুৰ্ঘটনাৰ সঠিক কাৰণ জানিবলৈ কেলিফৰ্ণিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। প্ৰতিভাৱান কন্যাক হেৰুৱাই শোকত ভাগি পৰিছে পৰিয়াল দুটা। যুৱতী দুগৰাকীৰ মৃতদেহ ঘূৰাই অনাৰ বাবে তেওঁলোকে তেলেংগানা ৰাজ্য চৰকাৰ আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা সহায় বিচাৰিছে।





