ৰাজধানী দিল্লীত লালকিল্লাৰ ৰে এক বিধ্বংসী কাৰ্যৰ পৰিকল্পনা বিফল কৰিছে নিৰাপত্তাৰক্ষীয়ে। জনবসতিপূৰ্ণ এলেকাত বিস্ফোৰণ ঘটাই ব্যাপক ক্ষয়-ক্ষতি কৰাৰ জেহাদীৰ এই পৰিকল্পনা দিল্লী আৰক্ষীয়ে ব্যৰ্থ কৰে। এই ঘটনা সন্দৰ্ভত দুজন সন্দেহযুক্ত জেহাদীক গ্ৰেপ্তাৰ কৰা হৈছে।
দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি, বুধবাৰে পুৱা প্ৰায় ১১ বজাত দিল্লীৰ গোবিন্দপুৰী মেট্ৰ’ ষ্টেচনৰ সমীপৰ বাছ ষ্টেণ্ডত এই পৰিকল্পনা বিফল কৰিবলৈ সক্ষম হয়।
এখন বগা ৰঙৰ মহিন্দ্ৰা থাৰ গাড়ীৰ পৰা বিশাল পৰিমাণৰ আৰ ডি এক্স (RDX), এক কোটি টকা নগদ ধন, এটা পিষ্টল আৰু চাৰিটা কাৰ্ট্ৰিজ উদ্ধাৰ কৰা হৈছে। লগতে, গাড়ীখনত থকা দুজন সন্দেহযুক্ত জেহাদীক গ্ৰেপ্তাৰ কৰা হৈছে।
আৰ ডি এক্সৰ সঠিক পৰিমাণ এতিয়াও নিশ্চিত হোৱা নাই যদিও আৰক্ষীয়ে সন্দেহ কৰিছে যে জেহাদীসকলে লালকিল্লাৰ সমীপত সংঘটিত ঘটনাৰ দৰেই এই বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল।
লালকিল্লাৰ বিস্ফোৰণৰ পিছতে সমগ্ৰ দিল্লীত ‘মেনহাণ্ট‘ আৰম্ভ কৰা হৈছিল। এই তালাচী অভিযানৰ সময়তে নিৰাপত্তাৰক্ষীৰ দৃষ্টিত সন্দেহজনক গাড়ীখন ধৰা পৰে।
আৰক্ষীয়ে বৰ্তমান গ্ৰেপ্তাৰ হোৱা লোক দুজনক সোধা-পোছা কৰি আছে। জেৰাৰ পিছতহে এই ষড়যন্ত্ৰৰ আঁৰত থকা লোকসকল আৰু তেওঁলোকৰ লক্ষ্য সম্পৰ্কে অধিক তথ্য পোহৰলৈ আহিব।
লালকিল্লাৰ আক্ৰমণৰ ঘটনাৰ তদন্ত চলি থকাৰ মাজতে পুনৰ বিস্ফোৰক উদ্ধাৰ হোৱাটোৱে এই তত্ত্বক অধিক শক্তিশালী কৰি তুলিছে যে ৰাজধানীৰ মাজমজিয়াত উগ্ৰপন্থীয়ে ধাৰাবাহিক আক্ৰমণৰ পৰিকল্পনা কৰিছিল। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্যতো একেই ইংগিত পোৱা গৈছে। এই নতুন ঘটনাই ৰাজধানী দিল্লীৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত পুনৰ প্ৰশ্ন উত্থাপন কৰিছে।





