দেওবাৰে দিনত পাকিস্তানৰ বেলুচিস্তানত এখন আৰক্ষীৰ গাড়ীত আক্ৰমণ চলালে আক্ৰমণকাৰীয়ে। উগ্ৰপন্থীয়ে আত্মঘাতী বোমাৰে আক্ৰমণ কৰে আৰক্ষীৰ ভানখনত।
জানিব পৰা মতে এই ঘটনাত দুজন লোকৰ মৃত্যু হৈছে আৰু ২৭ জন লোক গুৰুতৰভাবে আহত হৈছে।
নিহতসকলৰ এজন আৰক্ষী আৰু আনজন সাধাৰণ নাগৰিক (শিশু)। দেওবাৰে বেলুচিস্তানৰ ৰাজধানী কুৱেটাত সংঘটিত হয় এই ঘটনা।
পাকিস্তানী সংবাদ মাধ্যমৰ খবৰ অনুসৰি উগ্ৰপন্থীয়ে বুলেলি চহৰ কুৱেটাত এখন আৰক্ষীৰ গাড়ীক লক্ষ্য কৰি লয়। গাড়ীখন মহানগৰীৰ পলিঅ’ টিকাকৰণ কাৰ্যসূচীৰ ৰক্ষণাবেক্ষণৰ কামত নিয়োজিত আছিল। এই ঘটনাত এজন আৰক্ষী বিষয়া আৰু এটি শিশু নিহত হয়। ইয়াৰ উপৰিও ২২ জন আৰক্ষী আৰু ৫ জন সাধাৰণ নাগৰিক গুৰুতৰভাৱে আহত হয়।
উল্লেখ্য যে ইতিমধ্যে তেহৰিক–ই–তালিবান পাকিস্তানে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।