NORTHEAST NOW (Assamese)

নিৰ্মাণ সংস্থাৰ উদাসীনতাৰ পৰিণতিতে দুই শ্ৰমিকৰ কৰুণ মৃত্যু

March 25, 2019 12:23 pm · পংকজকুমাৰ দেব
Updated: March 25, 2019 12:25 pm

হাফলং এন এল দাউলাগুপু স্প’ৰ্টছ কমপ্লেক্সত দেওবাৰে অৰ্থাৎ ২৪ এপ্ৰলিত নৱ নিৰ্মিত ষ্টেডিয়ামৰ নিৰ্মাণৰ কাম চলি থকা অৱস্থাত মাটিৰ চেপাত দুগৰাকীকৈ শ্ৰমিকৰ মৃত্যু হয়।

ঘটনাৰ বিৱৰণি মতে কমপ্লেক্সটোত কৰ্মৰত শ্ৰমিক সকলে ষ্টেডিয়ামৰ পাইলিঙৰ কাম কৰি আছিল। আৰু দুৰ্ভাগ্যবশত দুজন শ্ৰমিক ওপৰৰ পৰা গাঁতত পৰি কৰুণ মৃত্যুক আঁকোৱালি লয়। নিহত দুয়োজন শ্ৰমিকক ক্ৰমে ধুবুৰী জিলাৰ ডুৰাহাটি গাঁৱৰ নিৱাসী চাহ আলম শ্বেখ (২৮) আৰু মনোৱাৰ আলী (২৪) বুলি চিনাক্ত কৰা হৈছে।

আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে হাফলং সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসহ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। লগতে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লোকো ঘটনাস্থলীত উপস্থিত হৈ শ্ৰমিক দুজনৰ মৃতদেহ উদ্ধাৰ কৰে।

দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাফলং অসামৰিক হস্পিতাললৈ প্ৰেৰণ কৰে। নৰ্থ ইষ্ট নাওক জনায় হাফলং সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৰিচন্দ্ৰ পাঠকে।

উল্লেখযোগ্য যে গুৱাহাটী ভিত্তিক নিৰ্মাণ সংস্থা আশীৰ্বাদ এণ্টাৰপ্ৰাইজ নামৰ সংস্থাই যোৱা প্ৰায় ৬ মাহ ধৰি উক্ত কমপ্লেক্সটোৰ নিৰ্মাণৰ কাম কৰি আহিছে। কিন্তু হাফলং পি ডব্লিউ ডি বিল্ডিং ডিভিজনৰ অধীনত চলি থকা নিৰ্মাণ কাৰ্যত ঠিকাদাৰী সংস্থা আশীৰ্বাদে শ্ৰমিক সকলোক ন্যূনতম সুৰক্ষাও দিয়া নাই বুলি অভিযোগ উত্থাপন হৈছে।

স্থানীয় একাংশ ৰাইজ তথা সচেতন লোকে নিৰ্মাণ কৰ্তৃপক্ষৰ উদাসীনতাৰ কাৰণে এনেদৰে দুয়ো শ্ৰমিকে কৰুণ মৃত্যুক সাবটি ল’ব লগীয়া হ’ল বুলি অভিযোগ উত্থাপন কৰিছে।

Related News