• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সংকট : ম্যানমাৰ এৰি অসমত প্ৰৱেশ কৰিবলৈ সাজু ২৮ জন এনডিএফবি(স) সদস্য!

Rinoy Basumatary ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , March 25, 2019 12:08 pm

2 min read

4-2-750x375

এভানজেল নাৰ্জাৰী ওৰফে এ ই এছেৰাই দেওবাৰে তেওঁৰ সুৰক্ষা গাৰ্ডৰ সৈতে আত্মসমৰ্পন কৰে। ফটো : নৰ্থইষ্ট নাও

530
VIEWS
Share on FacebookShare on Twitter

অলপতে ম্যানমাৰ সেনাই চলোৱা ব্যাপক অভিযানত উত্তৰ-পূবৰ উগ্ৰপন্থী গোটৰ বহুকেইটা শিৱিৰ ধ্বংস কৰাৰ লগতে সামৰিক বাহিনীয়ে কব্জা কৰে।

ইয়াৰ ফলস্বৰূপে উত্তৰ-পূবৰ বিদ্ৰোহীৰ ওপৰত সৃষ্টি হোৱা গভীৰ চাপৰ বাবে বি চাওৰাইগৌৰাৰ নেতৃত্বত থকা আলোচনা বিৰোধী এনডিএফবি (স)ৰ প্ৰায় ২৮ জন দুৰ্ধৰ্ষ সদস্যই অসমত প্ৰৱেশৰ কৰাৰ বাবে ম্যানমাৰ ত্যাগ কৰা বুলি এক সূত্ৰই জানিবলৈ দিছে।

সূত্ৰসমূহে জানিবলৈ দিয়া মতে ত্ৰিপুৰা আৰু মণিপুৰৰ বিদ্ৰোহী গোটৰ উপৰি এনএছচিএন (কে), আলফা(স্বা:), এনডিএফবি(স), কেএলঅ’ৰ দৰে বিদ্ৰোহী সংগঠনৰ বহ শিৱিৰ ম্যানমাৰ সেনাই ধ্বংস কৰিছিল।

সূত্ৰসমূহে লগতে দাবী কৰে যে সেনাই তেওঁলোকৰ জিম্মাত থকা এক বৃহৎ পৰিমানৰ অস্ত্ৰ শস্ত্ৰও জব্দ কৰিছিল।

প্ৰায় ১৮ৰ পৰা ২২জন উত্তৰ-পূবৰ বিদ্ৰোহী সদস্য ম্যানমাৰ সুৰক্ষা বাহিনীয়ে হত্যা কৰাৰ লগতে এনএছচিএন (কে), আলফা(স্বা:), এনডিএফবি(স) আৰু আন বিদ্ৰোহী গোটৰ বহু বিদ্ৰোহী ম্যানমাৰ সেনাৰ হাতত বন্দী হোৱা বুলিও সূত্ৰসমূহে দাবী কৰে।

ম্যানমাৰৰ ভূমিৰ পৰা পলাই অহা ওদালগুৰি জিলাৰ স্বোৰাঙজুলি মাজবাটৰ কাপুৰপুৰা গাঁৱৰ এজন বাসিন্দা আৰু এনডিএফবি(স)ৰ বৈদেশিক সচিব এভানজেল নাৰ্জাৰী ওৰফে এন ই এছেৰাই দেওবাৰে তেওঁৰ সুৰক্ষা গাৰ্ডজনৰ সৈতে সুৰক্ষা বাহিনীৰ সন্মুখত আত্মসমৰ্পন কৰে।

ৰাজনৈতিক বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী তথা চাৰ্টিফাইড ইণ্ডাষ্ট্ৰিয়েল একাউন্টেন্টছ (চিআইএ) এন ই এছেৰা এনডিএফবি(স)ত যোগদান কৰাৰ পূৰ্বে ওদালগুৰিৰ ডায়েমণ্ড ইংলিছ মিডিয়াম স্কুলৰ প্ৰাক্তন অধ্যক্ষ আছিল। তেওঁ ৩০১৩ চনৰ ৬ ছেপ্টেম্বৰত এনডিএফবি(স)ত যোগদান কৰিছিল আৰু ম্যানমাৰত প্ৰশিক্ষণ লৈছিল।

আনহাতে, ২০১৪-২০১৫ত তেওঁক সংগঠনটোৰ প্ৰচাৰ সচিব নিযুক্ত কৰা হয় আৰু পাছত ২০১৫ৰ ১৫ এপ্ৰিলত বৈদেশিক সচিবৰ দায়িত্ব অৰ্পণ কৰা হয়।

এছেৰা লগতে য়ুনাইটেড নেশ্যনেল লিবাৰেশ্যন ফ্ৰন্ট অৱ ৱেষ্টাৰ্ণ ছাউথ ইষ্ট এছিয়া (য়ুএনএলএফডব্লিউ)ৰ খচৰা কমিটিৰ এগৰাকী সদস্য আছিল।

সূত্ৰসমূহে কয় যে তেওঁ ভাৰত-ম্যানমাৰ সীমান্তৰ মন জিলাৰ ৩৫নং আছাম ৰাইফলছৰ সন্মুখত আত্মসমৰ্পন কৰিছিল।

জানিব পৰা মতে, আত্মসমৰ্পনৰ সময়ত তেওঁ গুলীৰে সৈতে এটা এ কে ৪৭ ৰাইফল জমা দিয়ে।

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd