NORTHEAST NOW (Assamese)

আৰক্ষীৰ জালত দুজন দুৰ্ধৰ্ষ উগ্ৰপন্থী, বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

December 26, 2020 12:26 pm · এন ই নাও নিউজ
Updated: December 26, 2020 12:29 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

সন্ত্ৰাসবাদী সংগঠন ‘দ্যা ৰেজিষ্টেন্স ফ’ৰ্চ’ৰ দুজন দুৰ্ধৰ্ষ উগ্ৰপন্থীক শুকুৰবাৰে সন্ধিয়া জম্মুৰ স্থানীয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

এই সন্দৰ্ভত আজি পুৱা জানিবলৈ দি আৰক্ষীয়ে কয় যে সন্ত্ৰাসবাদী দুজনৰ পৰা অস্ত্ৰ-শস্ত্ৰৰ লগতে বৃহৎ পৰিমানৰ বোমা-বাৰুদ জব্দ কৰা হৈছে।

আৰক্ষী বিষয়াজনে জানিবলৈ দিয়া অনুসৰি শুকুৰবাৰে সন্ধিয়া আৰক্ষী বাহিনীৰ এটা বিশেষ অভিযানকাৰী দলে কাজীগুণ্ডৰ চুৰথ নিবাসী ৰইছ আহমদ আৰু কুলগামৰ আছমুজিৰ নিবাসী চবজাৰ আহমদ শ্বেখক গ্ৰেপ্তাৰ কৰে।

এই দুয়োজন সন্ত্ৰাসবাদীয়ে এখন কাৰত শ্ৰীনগৰলৈ গৈ থকা অৱস্থাত নৰৱল বাইপাছৰ পৰা গ্ৰেপ্তাৰ কৰে।

এটা বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিতেই আৰক্ষীৰ বিশেষ অভিযানকাৰী দলটোৱে উগ্ৰপন্থী সদস্য দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে।

এজন আৰক্ষী বিষয়াই কয়, ‘নিয়মীয়া তালাচী চলি থকাৰ সময়ত এখন কাৰ ঘটনাস্থলৰ পৰা পলাবলৈ চেষ্টা কৰে। লগে লগে আমাৰ দলে তেওঁলোকৰ বাহনখন পিছা কৰাত লোক দুজন ধৰা পৰে। লোক দুজনৰ পৰা এটা বেগ উদ্ধাৰ হয়’।

উগ্ৰপন্থী সদস্য দুজনৰ পৰা এটা একে ৰাইফল, এটা পিষ্টলৰ লগেতে মেগজিন আৰু বৃহৎ পৰিমানৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হয়।

Related News