• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঘৰতে দুই নাবালিকাক স্প্ৰে’ আক্ৰমণ দুৰ্বৃত্তৰ, চিকিৎসাধীন; তিনিজনক আটক ||কোকৰাঝাৰ

Rinoy Basumatary ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , September 29, 2019 10:20 pm

2 min read

minor Two minor girls hospitalized after spray attack in Kokrajhar

প্ৰতিনিধিত্বমূলক ফটো

1.8k
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰ জিলাৰ দুখন পৃথক গাঁৱত শনিবাৰে ৰাতি ঘৰৰ ভিতৰতে অচিনাক্ত লোকৰ স্প্ৰে’ আক্ৰমণৰ সন্মুখীন হোৱা দুই নাবালিকা বৰ্তমান চিকিৎসাধীন আৰু বিপদমুক্ত।

ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে দেওবাৰে জনোৱা মতে, চিকিৎসাধীন দুয়োগৰাকী নাবালিকাই সংজ্ঞা ঘূৰাই পাইছে, কিন্তু তন্দ্ৰাচ্ছন্ন হৈ আছে।

ঘটনাটো সন্দৰ্ভত এক গোচৰ ৰুজু হৈছে আৰু কোকৰাঝাৰ আৰক্ষীয়ে তিনিজন লোকক আটক কৰিছে।

আটকাধীন লোক তিনিজন জিলাখনৰ পাটগাওঁ অঞ্চলৰ মুকেশ ৰয়, নেহৰু বৰুৱা আৰু হৰেন বৰুৱা বুলি জানিব পৰা গৈছে।

আন্ধাৰৰ সুযোগ লৈ দুষ্কৃতিকাৰী পলাই গৈছিল যদিও তেওঁলোকে ঘটনাস্থলীত এৰি যোৱা এখন স্কুটি (নং AS-16B/6601) আৰক্ষীয়ে জব্দ কৰিছে।

তাৎপৰ্য্যপূৰ্ণভাৱে দুয়োগৰাকী নাবালিকা দুখন পৃথক গাঁৱৰ আৰু ১৫ মিনিটৰ অন্তৰালত ঘটনা দুটা সংঘটিত হৈছিল।

সোণাপুৰ আৰু ধৰমতল গাঁৱৰ নাবালিকা দুগৰাকীয়ে ঘৰৰ ভিতৰত পঢ়ি থকা অৱস্থাতে দুৰ্বৃত্তই বাহিৰৰ পৰা ৰসায়নিক স্প্ৰে’ নিক্ষেপ কৰিছিল।

দুয়োগৰাকী ছোৱালীয়ে হূলস্থূল কৰাত পৰিয়ালৰ লোক অহাত আক্ৰমণকাৰী দুৰ্বৃত্ত পলাই যায়, কিন্তু নাবালিকা দুগৰাকী বেহুচ হৈ পৰে।

পৰিয়ালৰ লোকে ততালিকে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰে।

সোণাপুৰৰ ৰাতি ৯ বজাত আৰু ধৰমতলত ৯.১৫ মিনিটত ঘটনা দুটা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

ঘটনাৰ খবৰ পাই জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ’জি ৰাণী শৰ্মা ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতিৰ বুজ লয়।

Recent News

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd