NORTHEAST NOW (Assamese)

শিৱসাগৰত মটৰচাইকেলত অহা দুৰ্বৃত্তই মহিলাৰ পৰা থপিয়াই নিলে দুই লাখ টকা

January 31, 2019 6:53 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: January 31, 2019 6:56 pm
দুৰ্বৃত্তৰ দ্বাৰা সৰ্বস্বান্ত হোৱা মহিলা গৰাকী।

শিৱসাগৰত এতিয়া বাইকত অহা দুৰ্বৃত্তই টকাৰ বেগ থপিয়াই নিয়াৰ দৰে ঘটনা নিতৌ সংঘটিত হৈ আহিছে। অলপতে এলাহাবাদ বেংকৰ পৰা তিনিলাখ টকা উলিয়াই আহি থকা অৱস্থাত এ এছ টি চি তিনি আলিত বাইকেৰে অহা দুৰ্বৃত্তই টকাৰ বেগটো থপিয়াই নিয়াৰ পিছতে আজি পুনৰ এগৰাকী মহিলাৰ পৰা দুই লাখ টকা থপিয়াই লৈ যায়।

ঘটনাৰ বিৱৰণী মতে শিৱসাগৰ জিলাৰ বেতবাৰীৰ চেতিয়া কৈৱৰ্ত গাঁৱৰ দিপালী দাস নামৰ এগৰাকী মহিলাই এ এছ টি চি চৌহদত থকা ইউকো বেংকৰ পৰা নগদ দুই লাখ টকা উলিয়াই পুত্ৰৰ সৈতে স্কুটীৰে দ’লমুখ চাৰিআলিৰ দিশে আহি আছিল। তেনে অৱস্থাতেই ক’লা ৰঙৰ মটৰচাইকেলত অহা দুই দুৰ্বৃত্তই পিছফালৰ পৰা টকাৰ বেগটো থপিয়াই নিয়ে।

দুৰ্বৃত্তই থপিয়াই নিয়া বেগটোত নগদ দুই লাখ টকাৰ লগতে বেংকৰ চেক বুক, পাছবুক, ষ্টাম্প আৰু এটা মোবাইলফোন আছিল বুলি জানিব পৰা গৈছে। ঘটনাৰ সন্দৰ্ভত মহিলাগৰাকীয়ে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে।

উল্লেখযোগ্য যে শিৱসাগৰত এনেদৰে বাইকত অহা দুৰ্বৃত্তই টকাৰ বেগ কাঢ়ি নিয়াটো দৈনিক সংঘটিত হৈছে যদিও আজিলৈকে দুৰ্বৃত্তক কৰায়ক্ত কৰিবলৈ সক্ষম হোৱা নাই শিৱসাগৰ আৰক্ষী। যাৰবাবে শিৱসাগৰৰ ৰাজপথত নিৰাপত্তাহীনতাত ভুগিছে জনসাধাৰণ।

Related News