কোকৰাঝাৰৰ ছুপাৰি চুৰিকাণ্ডৰ সৈতে জড়িত থকা দুই অন্যতম মূল অভিযুক্ত কাঞ্চু আলী আৰু প্ৰানঞ্জিত নম দাসক আজি তামুলপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
উল্লেখযোগ্য যে যোৱা ৩০ অক্টোবৰত চিৰাং জিলাৰ বিজনীৰ পৰা নৰ্থ-ইষ্ট ট্ৰেভেল এজন্সিৰ য়ু পি-৭৮-চি এন-৪৫৫৮ নম্বৰৰ ছুপাৰি ভৰ্তি গাড়ীখনে লক্ষ্ণৌলৈ ছুপাৰি নি থকা অৱস্থাত কোকৰাঝাৰ জিলাৰ পাতগাঁও আৰক্ষী চকীৰ সমীপৰ পৰা দুৰ্বৃত্তই ড্ৰাইভাৰ আৰু হেণ্ডিমেনসহ ট্ৰাকখন হাইজেক কৰিছিল।
পিছত হাইজেক কৰা ট্ৰাকখনৰ পৰা দুৰ্বৃত্তৰ দলটোৱে ৩২০টা ছুপাৰিৰ বস্তা কাঢ়ি লৈ ট্ৰাকৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেনক গোৱালপাৰাৰ ওচৰত জংঘলত পেলাই থৈ তাৰ পৰা পলায়ন কৰে।
লগতে পঢ়ক কোকৰাঝাৰৰ ছুপাৰি চুৰিকাণ্ডত জড়িত ৫ জনক গ্ৰেপ্তাৰ; পলাতক আন বহুকেইজন
ইয়াৰ পিছতে বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ডিমিলাপাৰ আৰু শালমাৰা গাঁৱত তামুলপুৰ আৰক্ষীয়ে ২ নবেম্বৰত অভিযান চলাই চুৰি হোৱা ছুপাৰিৰ বস্তাসমূহ উদ্ধাৰ কৰাৰ লগতে কেইবাজন লোকক আটক কৰিছিল।
আটক কৰাসকলৰ ৫জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি ৩ নবেম্বৰত জে’ললৈ প্ৰৰণ কৰা হয় যদিও এই চুৰিকাণ্ডৰ সৈতে জড়িত থকা দুই মূল অভিযুক্ত কাঞ্চু আলী আৰু প্ৰানঞ্জিৎ দাসক ইমান দিনে আটক কৰিবলৈ সক্ষম হোৱা নাছিল আৰক্ষী।
ইতিমধ্য ঘটনাৰ বুজ ল’বলৈ বি টি চিৰ আই আৰক্ষী মহাপৰিদৰ্শক উপস্থিত হৈছে। জানিব পৰা মতে ছুপাৰিৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত আন কেইবাজনো ব্যক্তি বৰ্তমান পলাতক অৱস্থাত আছে।