NORTHEAST NOW (Assamese)

মধ্যপ্ৰদেশৰ বাছ দুৰ্ঘটনা : ২০ মহিলা ২ শিশুসহ নিহত সংখ্যা ৪৯ গৰাকীলৈ বৃদ্ধি

February 17, 2021 2:41 pm · এন ই নাও নিউজ
Updated: February 17, 2021 2:44 pm

মধ্যপ্ৰদেশৰ শোকাৱহ বাছ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৯ জনলৈ বৃদ্ধি পাইছে।

বুধবাৰে পুৱা আৰু দুটা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে শোকাৱহ বাছ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৯ গৰাকীলৈ বৃদ্ধি পোৱা বুলি ঘোষণা কৰিছে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ সূত্ৰই।

বাছ দুৰ্ঘটনাটোত মৃত লোকসকলৰ মাজত ২০ গৰাকী মহিলাসহ ২ টি শিশুও আছে।

মংলবাৰৰ সন্ধিয়ালৈকে এই শোকাৱহ বাছ দুৰ্ঘটনাটোত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ৪৭ গৰাকী বুলি প্ৰকাশ কৰা হৈছিল।

কেন্দ্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী আৰু মধ্যপ্ৰদেশ ৰাজ্যিক প্ৰশমন বাহিনীৰ ৬০০ গৰাকী জোৱানে যৌথভাৱে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

উল্লেখ্য যে যোৱা মংগলবাৰে পুৱা ৭.৩০ বজাত মধ্য প্ৰদেশৰ ৰাজধানী ভূপালৰ পৰা ৫৬০ কিলোমিটাৰ দূৰত্বৰ চিদ্ধি জিলাৰ পাটনাত এটা নলাৰ ওপৰত থকা দলঙৰ পৰা যাত্ৰীৰে পৰিপূৰ্ণ এখন বাছ দ নলাৰ বুকুত বাগৰি পৰাৰ ফলতে উক্ত ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছিল।

ইতিমধ্যে দুৰ্ঘটনাটোত নিহত পৰিয়ালবৰ্গক ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানে আৰু ২ লাখ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ লাখ টকাৰ আৰ্থিক  সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে।

Related News