• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডীৰ ভ্ৰমণৰ সপ্তাহতে আমেৰিকাৰ পৰা আৰু ভাৰতীয়ক বিতাড়ন! ক’ত নামিব দুই বিমান?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 14, 2025 8:09 am
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সপ্তাহত আমেৰিকাত ভৰি দিলে। যোৱা নিশা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেৰ সৈতে তেওঁৰ বৈঠক হয়। ইফালে এই পৰিস্থিতিত আমেৰিকাৰ পৰা বিতাড়িত ভাৰতীয়ক লৈ এই সপ্তাহত আৰু দুখন বিমান ভাৰতত উপস্থিত হোৱাৰ খবৰ আহিছে।

প্ৰসংগক্ৰমে ইয়াৰ পূৰ্বে যোৱা সপ্তাহত আমেৰিকাৰ সামৰিক বিমানে ১০৪ জন ভাৰতীয়ক হেণ্ডকাফ আৰু শিকলি লগাই ভাৰতৰ মাটিত এৰি থৈ যায়। এই ভাৰতীয়সকলৰ বিৰুদ্ধে আছে আমেৰিকালৈ অবৈধ অনুপ্ৰৱেশৰ অভিযোগ।

Apply Now

জানিব পৰা মতে, বিতাড়িত ভাৰতীয়ক লৈ আমেৰিকাৰ বিমান চলিত সপ্তাহৰ শনিবাৰে পুনৰ ভাৰতৰ মাটিত অৱতৰণ কৰিব। সূত্ৰ অনুসৰি বিমানখন অমৃতসৰত অৱতৰণ কৰাৰ কথা। এইবাৰ এখন নহয়, দুখন বিমানত ভাৰতীয়ক আনিব। ইয়াৰ পূৰ্বে আমেৰিকাই এই দীঘলীয়া যাত্ৰাত ১০৪ জন ভাৰতীয়ক হেণ্ডকাফ আৰু শিকলি লগাই ইয়ালৈ অনাৰ ফটো প্ৰকাশ কৰিছিল।

উক্ত ঘটনাক লৈ বিৰোধী দলৰ পৰা তীব্ৰ প্ৰতিবাদ জনোৱা হয়। বিৰোধীৰ চাপত পৰি সংসদত মুখ খোলেবৈদেশিক মন্ত্ৰী এছ জয়শংকৰে। তেওঁ সংসদত কয় যে আমেৰিকাৰ পৰা প্ৰত্যাৰ্পণ কৰাটো নতুন কথা নহয়। ২০০৯ চনৰ পৰাই এনেকুৱা হৈ আহিছে। জয়শংকৰে কয় যে যদি কোনো নাগৰিকে অবৈধভাৱে বিদেশত বাস কৰে তেন্তে তেওঁলোকক ঘূৰাই লোৱাটো সকলো দেশৰ বাধ্যবাধকতা।

ইপিনে, পঞ্জাৱৰ বিত্তমন্ত্ৰী হৰপাল চিমাই কয় যে অমৃতসৰত এই বিমান অৱতৰণ কৰাৰ উদ্দেশ্য হৈছে বাৰে বাৰে এই ৰাজ্যৰ ভাবমূৰ্তি কলংকিত কৰাৰ চেষ্টা। কেন্দ্ৰত এন ডি এ চৰকাৰক তীব্ৰ সমালোচনা কৰি তেওঁ কয়, ‘হাৰিয়ানা বা গুজৰাটত কিয় নহয়?’ বিজেপিয়ে পঞ্জাৱৰ ভাবমূর্তি কলংকিত কৰিবলৈ চেষ্টা চলাইছে৷ এই বিমানখন আহমেদাবাদত অৱতৰণ কৰা উচিত।‘

উল্লেখ্য যে কালি মোডী-ট্ৰাম্পৰ হাই-ভল্টেজ বৈঠক আৰম্ভ হৈছে ৷ প্ৰত্যাৰ্পণৰ বিষয়টো তাত আলোচনাত আহিছে বুলি ধাৰণা কৰা হৈছে। তাৰ মাজতে এই প্ৰত্যাৰ্পণৰ খবৰ পোহৰলৈ আহিল। ইপিনে, যোৱা সপ্তাহত আমেৰিকাৰ পৰা ভাৰতলৈ ৪০ ঘণ্টীয়া বিমান যাত্ৰাত অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক শিকলিৰে বান্ধি পঠিওৱাৰ পিছত মোডী-ট্ৰাম্পৰ বৈঠকত কি উত্থাপন হৈছে, সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd