এজন আৰক্ষী বিষয়াৰ তৎপৰতাত দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল দুখনকৈ যাত্ৰীবাহী ৰে’ল

এজন আৰক্ষী বিষয়াৰ তাৎক্ষণিক তৎপৰতাৰ বাবে এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল দুখনকৈ যাত্ৰীবাহী ৰেল। ফলত ৰক্ষা পৰিল যাত্ৰীবাহী ৰেল দুখনত থকা থকা শ শ যাত্ৰীৰ জীৱন।

ঘটনাৰ বিৱৰণি মতে আজি পুৱতি নিশা নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত সৰাগাঁও তিনিআলিৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এএছ০১-টি-৬৪৬১ নম্বৰৰ এখন ট্ৰাক দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাত ট্ৰাকখন চুঁচৰি গৈ কাষতে থকা ৰে’ল লাইনত খুন্দা মাৰেগৈ।

পুৱাৰ স্থানীয় নবীন ডেকা নামৰ লোকজনে প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়ত ট্ৰাকখন ৰে’ল লাইনৰ কাষতে পৰি থকা দেখা পাই তাৎক্ষণিকভাৱে ২০০ মিটাৰ দূৰত থকা ৰে’ল ক্ৰচিঙৰ দায়িত্বত থকা কৰ্মচাৰীক সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে। আৰু ৰে’ল কৰ্মচাৰীয়ে এই সমগ্ৰ ঘটনা চাপৰমুখ ৰে’ল ষ্টেশ্যনত অৱগত কৰে।

উল্লেখযোগ্য যে পুৱা ৬ আৰু ৮ বজাত নগাঁৱৰ পৰা গুৱাহাটীলৈ কলংপাৰ আৰু কপিলী নামৰ দুখনকৈ যাত্ৰীবাহী ৰে’ল চলাচল কৰে। আৰু নবীন ডেকাৰ তাৎক্ষণিক তৎপৰতাৰ বাবে এই যাত্ৰীবাহী ৰে’ল দুখন এক ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হোৱাৰ পৰা ৰক্ষা পৰে। এই নবীন ডেকা পেছাত এগৰাকী আৰক্ষী বিষয়া আৰু তেওঁ কাৰ্বি আংলং জিলাত কৰ্মৰত।

ইফালে দুৰ্ঘটনাৰ বিষয়ে অৱগত হৈ ৰে’লৱে আৰক্ষীয়ে পথটো মুকলি কৰাত কিছু সময়ৰ পিছৰ পৰাই ৰে’ল চলাচল কৰে।