NORTHEAST NOW (Assamese)

নগাঁৱত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড! সহকৰ্মীৰ দ্বাৰা বেলনা মাৰিৰ প্ৰহাৰত প্ৰাণ গ’ল দুজনৰ

November 17, 2024 12:26 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: November 18, 2024 7:13 pm

নগাঁও জিলাৰ ২নং মোলাপট্টিত চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। নগাঁৱৰ গৌৰী বেকাৰীত সংঘটিত হৈছে এই শিহৰণকাৰী হত্যাকাণ্ড। দুজন ব্যক্তিক নৃশংসভাৱে হত্যা কৰিলে সহকৰ্মীয়ে।

উত্তম দাস আৰু অভিজিৎ সাহা নামৰ দুজন কৰ্মচাৰীক তেওঁলোকৰে সহকৰ্মী ইন্দ্ৰমোহন পাল নামৰ কৰ্মচাৰী এজনে হত্যা কৰে।

জানিব পৰা মতে বেলনা মাৰিৰে মৰিয়াই-মৰিয়াই হত্যা কৰিলে দুয়োকে। মৃত অভিজিৎ সাহাৰ ঘৰ ৰূপহীৰ গড়াজানত। প্ৰায় এবছৰ আগত কামত যোগদান কৰিছিল অভিজিতে।

আনফালে আনজন মৃতক উত্তম দাসৰ ঘৰ নগাঁৱৰ চাপানালাত। প্ৰায় ১৫ বছৰ ধৰি গৌৰী বেকাৰীত উত্তমে কৰ্মৰত আছিল।

ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে। অধিক তদন্তৰ বাবে ঘটনাস্থলীলৈ গুৱাহাটীৰ পৰা ৰাওনা হৈছে ফৰেন্সিক দল।

ধৃত ইন্দ্ৰমোহন পালক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে।

Related News