বকোৰ বামুনীগাঁৱত সংঘটিত পথ দুৰ্ঘটনাত নিহত দুজন লোক

Accident-750x375

প্রতিনিধিত্বমূলক ফটো

কামৰূপ (গ্ৰাম্য) জিলাৰ বামুনীগাঁৱত শনিবাৰে সন্ধিয়া সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক নিহত হয়। এখন চাৰিচকীয়া বাহনৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলতে লোক দুজন নিহত হয়।

ঘটনা অনুসৰি কামৰূপৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বামুনীগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত  এ এছ ০১ ডি টি ৩৬০০ নম্বৰৰ হুণ্ডাই ইয়’ন গাড়ী এখনৰ সৈতে এ এছ ২৫ এইচ ৬৫১৫ নম্বৰৰ বাইকখনৰ মুখামুখি সংঘৰ্ষৰ ফলতে ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোৰ ফলত এজন বাইক আৰোহীৰ থিতাতে মৃত্যু হোৱাৰ হয় আৰু দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আন এজন লোকৰ চিকিৎসালয়ত মৃত্যু হয়। উক্ত দুৰ্ঘটনাত নিহত লোক দুজনৰ এজনৰ নাম জয়ন্ত কলিতা বুলি চিনাক্ত হোৱাৰ বিপৰীতে আনজনক এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই।

আনহাতে, ইয়’নখনৰ যাত্ৰী বকোৰ মৰাকলহীৰ বিমলা খাতুন নামৰ এগৰাকী মহিলা আঘাতপ্ৰাপ্ত হৈ বামুণীগাঁও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

গাড়ীখনত আন তিনিজন লোকো আছিল বুলি জানিব পৰা গৈছে আৰু দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে তেওঁলোক ঘটনাস্থলীৰ পৰা পলায়ন কৰে।