মাৰ্ঘেৰিটাত পৃথক পথ দুৰ্ঘটনাত দুজনকৈ লোকৰ মৃত্যু

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত সংঘটিত দুটাকৈ পৃথক পথ দুৰ্ঘটনাত দুজন লোকে নিজৰ প্রাণ হেৰুৱাব লগীয়া হয়।

ইয়াৰে প্ৰথমটো দুৰ্ঘটনা মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত ২ নং লাজুমত আজি পুৱা প্ৰায় ৯.১৫ বজাত সংঘটিত হয়।

মনোৰঞ্জন দেৱনাথ (৭০) নামৰ এজন লোকে পথেৰে চাইকেলেৰে গৈ থকা অৱস্থাত বালি কঢ়িওৱা এখন ডি আই গাড়ীয়ে প্ৰচণ্ড জোৰত দেৱনাথক খুন্দা মাৰে। ফলত তেওঁ গুৰুতৰভাৱে আহত হয়।

পিছত তেওঁক স্থানীয় ৰাইজৰ তৎপৰতাত তেওঁক মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও তেওঁৰ চিকিৎসলায়লৈ নিয়া পথতে মৃত্যু হয়।

আনহাতে দ্বিতীয়টো দুৰ্ঘটনা মাৰ্ঘেৰিটা নগৰৰ ভূপেন হাজৰিকা শিশু উদ্যানৰ সন্মুখত পুৱা ৯.৩০ বজাত সংঘটিত হয়।

প্ৰাপ্ত তথ্য মতে দুই বিপৰীত দিশৰ পৰা অহা এ এছ ২৩ জে ৪৫৭৬ নম্বৰৰ মটৰ চাইকেল আৰু এ এছ ০৬ বিচি ২৮৭৩ নম্বৰৰ বলেৰ’ গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

ফলত মটৰচাইকেল আৰোহী তথা মাৰ্ঘেৰিটা ২ নং মুগং পথাৰৰ যুৱক চেংদু অং তুংগিয়াং (২৩) গুৰুতৰভাৱে আহত হয়। পিছত তাৎক্ষণিকভাৱে যুৱকজনক সংকটজন অৱস্থাত মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ পৰা যুৱকজনক স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় যদিও দুৰ্ভাগ্যবশত যুৱকজনৰ পথতে মৃত্যু হয়।

আনহাতে আজি মাৰ্ঘেৰিটাত সংঘটিত দুটাকৈ পৃথক পথ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।