• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাক্সাত ৪৮ ঘন্টাত দুজনকৈ লোকৰ পানীত ডুবি মৃত্যু

NE NOW NEWS দীপক কুমাৰ পাঠক
তামুলপুৰ , July 28, 2019 9:09 am

2 min read

Baksa-1140x570

বাক্সা জিলাৰ পূব গুৱাবাৰী গাঁৱৰ চত্ৰ বাহাদুৰ চেত্ৰীৰ মৃতদেহ। ফটো : নৰ্থইষ্ট নাও

249
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলাৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত হস্তিনাপুৰ গাঁৱত শনিবাৰে বৰনদী নৈত (নামনি অংশত পুঠিমাৰী বুলি পৰিচিত) ডুবি এজন লোকৰ মৃত্যু হয়।

জিলাখনত ৪৮ ঘন্টাৰ ভিতৰত পানীত ডুবি মৃত্যু হোৱা এইটো আছিল দ্বিতীয়টো ঘটনা।

পানীত ডুবি মৃত্যু হোৱা লোকজনক বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত পূব গুৱাবাৰী গাঁৱৰ ৪১ বছৰীয়া কৃষক চত্ৰ বাহাদুৰ ছেত্ৰী বুলি চিনাক্ত কৰা হৈছে।

স্থানীয় লোকে জানিব দিয়া মতে, শনিবাৰে ৰাতিপুৱা চত্ৰ বাহাদুৰে বৰনদীৰ পাৰলৈ  গৰু চৰাবলৈ গৈছিল।

তেওঁ নদীখনৰ পাৰেৰে গৈ থকা সময়তে ইতিমধ্যে গৰাখহনীয়াৰ গ্ৰাসত পৰা নৈপাৰটোৰ পৰা হঠাতে বৰনদীত পৰি যায়।

বৰনদী নৈৰ কোবাল সোঁতে তেওঁক উটুৱাই লৈ যায়। তেতিয়াৰে পৰা তেওঁ সন্ধানহীন হৈ পৰে।

আনহাতে, আগবেলা প্ৰায় ১১.৩০ বজাত একাংশ স্থানীয় লোকে হস্তিনাপুৰ গাঁৱৰ ওচৰত বৰনদীত এটা মৃতদেহ ভাহি অহা দেখা পায়। খৱৰটো পায়েই গাঁৱৰ একাংশ ৰাইজে নাগ্ৰীজুলি আৰক্ষীৰ সৈতে আহি ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

স্থানীয় লোক তথা পৰিয়ালৰ সদস্যই মৃতদেহটো চত্ৰ বাহাদুৰ চেত্ৰীৰ বুলি চিনাক্ত কৰে। ইয়াৰ পাছতে মৃতদেহটো নাগ্ৰীজুলি আৰক্ষী চকীলৈ অনাৰ পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰা হয়।

উল্লেখযোগ্য যে নাগ্ৰীজুলিত ৪৮ ঘন্টাৰ ভিতৰত পানীত ডুবি মৃত্যু হোৱা এইটো আছিল দ্বিতীয়টো ঘটনা।

পূৰ্বে ২৫ জুলাইত বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত হস্তিনাপুৰ গাঁৱৰ সুনীল দাসৰ পুত্ৰ ৩৩ বছৰীয়া কৃষক শংকৰ দাসৰ পুঠিমাৰী নৈত ডুবি মৃত্যু হৈছিল।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd