NORTHEAST NOW (Assamese)

বাক্সাত ৪৮ ঘন্টাত দুজনকৈ লোকৰ পানীত ডুবি মৃত্যু

July 28, 2019 9:09 am · দীপক কুমাৰ পাঠক
বাক্সা জিলাৰ পূব গুৱাবাৰী গাঁৱৰ চত্ৰ বাহাদুৰ চেত্ৰীৰ মৃতদেহ। ফটো : নৰ্থইষ্ট নাও

বাক্সা জিলাৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত হস্তিনাপুৰ গাঁৱত শনিবাৰে বৰনদী নৈত (নামনি অংশত পুঠিমাৰী বুলি পৰিচিত) ডুবি এজন লোকৰ মৃত্যু হয়।

জিলাখনত ৪৮ ঘন্টাৰ ভিতৰত পানীত ডুবি মৃত্যু হোৱা এইটো আছিল দ্বিতীয়টো ঘটনা।

পানীত ডুবি মৃত্যু হোৱা লোকজনক বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত পূব গুৱাবাৰী গাঁৱৰ ৪১ বছৰীয়া কৃষক চত্ৰ বাহাদুৰ ছেত্ৰী বুলি চিনাক্ত কৰা হৈছে।

স্থানীয় লোকে জানিব দিয়া মতে, শনিবাৰে ৰাতিপুৱা চত্ৰ বাহাদুৰে বৰনদীৰ পাৰলৈ  গৰু চৰাবলৈ গৈছিল।

তেওঁ নদীখনৰ পাৰেৰে গৈ থকা সময়তে ইতিমধ্যে গৰাখহনীয়াৰ গ্ৰাসত পৰা নৈপাৰটোৰ পৰা হঠাতে বৰনদীত পৰি যায়।

বৰনদী নৈৰ কোবাল সোঁতে তেওঁক উটুৱাই লৈ যায়। তেতিয়াৰে পৰা তেওঁ সন্ধানহীন হৈ পৰে।

আনহাতে, আগবেলা প্ৰায় ১১.৩০ বজাত একাংশ স্থানীয় লোকে হস্তিনাপুৰ গাঁৱৰ ওচৰত বৰনদীত এটা মৃতদেহ ভাহি অহা দেখা পায়। খৱৰটো পায়েই গাঁৱৰ একাংশ ৰাইজে নাগ্ৰীজুলি আৰক্ষীৰ সৈতে আহি ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

স্থানীয় লোক তথা পৰিয়ালৰ সদস্যই মৃতদেহটো চত্ৰ বাহাদুৰ চেত্ৰীৰ বুলি চিনাক্ত কৰে। ইয়াৰ পাছতে মৃতদেহটো নাগ্ৰীজুলি আৰক্ষী চকীলৈ অনাৰ পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰা হয়।

উল্লেখযোগ্য যে নাগ্ৰীজুলিত ৪৮ ঘন্টাৰ ভিতৰত পানীত ডুবি মৃত্যু হোৱা এইটো আছিল দ্বিতীয়টো ঘটনা।

পূৰ্বে ২৫ জুলাইত বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত হস্তিনাপুৰ গাঁৱৰ সুনীল দাসৰ পুত্ৰ ৩৩ বছৰীয়া কৃষক শংকৰ দাসৰ পুঠিমাৰী নৈত ডুবি মৃত্যু হৈছিল।

Related News