NORTHEAST NOW (Assamese)

ৰেইলৰ খুন্দাত প্ৰাণ গ’ল পহৰাৰত দুজন আৰক্ষী জোৱানৰ

August 9, 2019 11:51 am · নীলমণি শৰ্মা

গোৱালপাৰাৰ নৰনাৰায়ণ সেঁতুৰ ৰেইল পথত বৃহস্পতিবাৰে নিশা ৰেইলৰ খুন্দাত দুজন আৰক্ষী জোৱানৰ মৃত্যু হয়। মৃত আৰক্ষী জোৱান দুজনৰ এজন কনিষ্টবল কৰ্ণধৰ নাথ আৰু আনজন হাবিলদাৰ আবুল কালাম আজাদ বুলি চিনাক্ত কৰিছে।

জানিব পৰা মতে নৰনাৰায়ণ সেঁতু তালাচী চকীৰ জোৱান দুজনে নিশা ৰেইল পথত তালাচী চলাই থকাৰ সময়তে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

নিশা প্রায় দহ মান বজাত দুয়োগৰাকী আৰক্ষী জোৱানে তালাচী চলাই সেঁতুৰ ফালে গৈ থকা অৱস্থাত এখন গুৱাহাটী-বঙাইগাঁও ডেমো যাত্ৰীবাহী ৰেইলে খুন্দিওৱাৰ ফলত থিতাতে মৃত্যু হয় জোৱান দুজনৰ।

কনিষ্টবল কৰ্ণধৰ নাথৰ ঘৰ পশ্চিম গোৱালপাৰাৰ বগুৱানত আৰু হাবিলদাৰ আবুল কালাম আজাদৰ ঘৰ গোৱালপাৰা চহৰৰ বাপুজীনগৰৰ শালবাৰীত বুলি জানিব পৰা গৈছে।

ইফালে কৰুণ দুৰ্ঘটনাটোৰ খবৰ লাভ কৰাৰ লগে লগে জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰী ঘটনাস্থলত উপস্থিত হৈ নিহত জোৱান দুজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে।

Related News