নেপালত প্ৰলয়ংকৰী বানৰ ৯ দিনৰ পাছত ত্ৰিশুলীৰ জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা কমেও দুজন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে।
এই উদ্ধাৰ অভিযানে আশাৰ সঞ্চাৰ কৰিছে যে হয়তো এতিয়াও আৰু অধিক লোক ভিতৰত আবদ্ধ হৈ আছে আৰু তেওঁলোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা যাব।
স্থানীয় টিভি নিউজ চেনেলসমূহে ত্ৰিশুলি ৩এ জলবিদ্যুৎ প্ৰকল্পৰ পৰা উদ্ধাৰকাৰীৰ কান্ধত বোকাৰে লুতুৰি-পুতুৰি শ্ৰমিকক কঢ়িয়াই অনাৰ ছবি দেখুৱাইছে।
সেনাৰ মুখপাত্ৰ ব্ৰিগেডিয়াৰ জেনেৰেল ৰাজা ৰাম বাছনেটে দুজন শ্ৰমিকক উদ্ধাৰ কৰাৰ কথা নিশ্চিত কৰিছে। কিছু সময়ৰ পাছতে নেপালৰ সাংসদ ৰাম নেউপানেও নিজৰ ফেচবুক পেজত উদ্ধাৰ অভিযানৰ ফটো পোষ্ট কৰে।
নেপালৰ বিধ্বংসী বানৰ পিছৰে পৰা জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগটোত উদ্ধাৰ অভিযান অব্যাহত আছে। স্থানীয় বিষয়াসকলৰ মতে, নেপালৰ ১২টা জলবিদ্যুৎ প্ৰকল্পৰ পৰা প্ৰায় ৯০০ শ্ৰমিক সন্ধানহীন হৈ আছে, প্ৰায় ৫০০ শ্ৰমিক সুৰংগত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে।
এক প্ৰতিবেদন অনুসৰি উদ্ধাৰ হোৱা ব্যক্তি দুজনৰ নাম কবীৰ মহাৰাজন আৰু সঞ্জয় শ্বাহ। শ্বাহ নেপাল বিদ্যুৎ প্ৰাধিকৰণৰ (এন ই এ) মেকানিকেল ফৰমেন, আৰু মহাৰাজন ত্ৰিশুলি-৩এ জলবিদ্যুৎ প্ৰকল্পৰ তত্বাৱধায়ক।
নেপালৰ দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ তথ্য অনুসৰি ২৬ আগষ্টত ভোটে কোশীত হোৱা আকস্মিক বানৰ পিছত ১২৯০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫ হাজাৰৰো অধিক লোক সন্ধানহীন হৈছে।
বুধবাৰে সন্ধিয়া চীনে সীমান্তৰ তিব্বতৰ দিশে ২১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫৪১ জন সন্ধানহীন হোৱা বুলি জানিবলৈ দিছে।





