NORTHEAST NOW (Assamese)

শিৱসাগৰত মুক্ত বিচৰণ কৰি থকা গঁড় দুটাক কৰা হ’ল ট্ৰেংকুলাইজড

December 20, 2021 6:32 pm · পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ

শিৱসাগৰত মুক্ত বিচৰণ কৰি থকা গঁড় দুটাক অৱশেষত আজি নাজিৰাত ট্ৰেংকুলাইজ কৰিলে বন বিভাগে।

দুটা দিন ধৰি নাজিৰাত মুক্ত বিচৰণ কৰি থকা দুটা গড়ক আজি সুকলমে ট্ৰেংকুলাইজ কৰিলে বন বিভাগে।

আজি দ্বিতীয় দিনা নাজিৰা মেকীপুৰৰ নিমতিতাতৰ জংঘলৰ পৰা গঁড় দুটা ওলাই আহি মেজেঙাৰ এখন ঘন জংঘলত প্ৰৱেশ কৰাৰ পিছত আৰক্ষী তথা প্ৰশাসনৰ সহযোত বন বিভাগে ট্ৰেংকুলাইজ কৰি গঁড় দুটাক উদ্ধাৰ কৰে।

বিগত কিছুদিন শিৱসাগৰৰ দিখৌমুখ,নামতি তাৰ পিছতেই যোৱাকালি দেওবাৰৰ দিনত নাজিৰাৰ মেকিপুৰৰ নিম তিতাত দুটাকৈ গঁড়ে জনাঞ্চললৈ আহি মুক্ত বিচৰণ কৰি ৰাইজৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছিল।

আজি পুৱাই নাজিৰাৰ মেকিপুৰৰ নিমতিতাৰ পলায়ন কৰি নাজিৰা মেজেঙ্গা D.P.S স্কুলৰ সমীপৰ এখন জংঘলত আশ্ৰয় লোৱা গম পাই বনবিভাগৰ লোক উপস্থিত হয় ঘটনাস্হলীত।

নাজিৰা মেজেঙ্গাৰ D.P.S. স্কুলৰ কাষৰ এখন ঘন জংঘলত প্ৰৱেশ কৰাৰ পিছত ড্ৰোণ কেমেৰাৰ সহযোগত গঁড় দুটাৰ অৱস্থিতি প্ৰত্যক্ষ কৰি বন বিভাগে গঁড় দুটা ট্ৰেংকুলাইজ কৰি এটা গঁড় গুৱাহাটীৰ চিৰিয়াখানা আৰু অন্য এটা গঁড় মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।

Related News