মঙলবাৰে গোৱালপাৰাত আৰক্ষী জোৱান আৰু অস্ত্ৰধাৰী ডকাইতৰ দল এটাৰ মাজত তীব্ৰ গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়।
এই গুলীয়াগুলীত দুজন সন্দেহযুক্ত ডকাইতৰ মৃত্যু হোৱাৰ লগতে এজন আৰক্ষীও আহত হয়।
গোৱালপাৰা জিলাৰ নিচিন্তা গাঁৱত সংঘটিত হৈছে এই ঘটনা।
নিৰ্দিষ্ট খবৰৰ ভিত্তিত আৰক্ষীয়ে দলটোৰ বিৰুদ্ধে অভিযান চলাই তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ চেষ্টা চলায়।
আৰক্ষীয়ে ডকাইতৰ দলটোৱে আত্মগোপন কৰা স্থানৰ কাষ চাপি অহাৰ লগে লগে ডকাইতৰ দলটোৱে গুলী চালনা কৰে।
আৰক্ষীয়ে ইয়াৰ প্ৰত্তুতৰত চালনা কৰা গুলীত দুজনকৈ অস্ত্ৰধাৰী ডকাইত নিহত হয়।
জানিব পৰা মতে এই ঘটনাত গোৱালপাৰাৰ আগিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ কুমাৰ দাসো আঘাতপ্ৰাপ্ত হয়।
নিহত দুজন অমৰ থাপা আৰু ফৰিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষীৰ এই অভিযানৰ সময়ত এখন বাহনো জব্দ কৰা হয়।