সৰ্বভাৰতীয় পৰ্যায়ত উজলিল অসমৰ দুই শ্বাটলাৰ

অসম বেডমিন্টনৰ বাবে ভাল খবৰ।

হাৰিয়ানাৰ পঞ্চকুলাত অনুষ্ঠিত সৰ্বভাৰতীয় ছাব জুনিয়ৰ ৰেংকিং বেডমিন্টন টুৰ্ণামেন্ট ২০২২ ত ১৫ বছৰৰ অনুৰ্ধৰ মিক্স ডাবলছত ৰাণাৰ্চ আপ খিতাপ অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে শিৱসাগৰৰ ভৱিষ্যা চাংমাই আৰু লখিমপুৰৰ ৰিতম হাওবৰাই।

৯ জানুৱাৰীত অনুষ্ঠিত ফাইনেল খেলত অসমৰ ভৱিষ্যা আৰু ৰিতমৰ যুটীয়ে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই উত্তৰাখণ্ডৰ প্ৰতিযোগীৰ হাতত ২১-১৭, ১৯-২১ আৰু ২১-১৯ স্কৰত পৰাজিত হৈ ৰাণাৰ্চ আপৰ পদক দখল কৰে।

উল্লেখ্য যে এই প্ৰতিযোগিতাৰ পৰাই ভাৰতীয় ছাব জুনিয়ৰ দলক প্ৰতিনিধিত্ব কৰিবলৈ খেলুৱৈ বাছনি কৰা হব।

শিৱসাগৰৰ প্ৰতিভাৱান খেলুৱৈ ভৱিষ্যা চাংমায়ে ছাব জুনিয়ৰ শাখাত অসমত অনুষ্ঠিত প্ৰায় বিলাক প্ৰতিযোগিতাত পদক লাভ কৰি শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিছে।

শিৱসাগৰৰ প্ৰাঞ্জল চাংমাই আৰু জয়শ্ৰী চাংমাইৰ কন্যা ভৱিষ্যাই বিশিষ্ট বেডমিন্টন প্ৰশিক্ষক ধ্ৰুৱ দত্তৰ তত্বাধাৱনত শিৱসাগৰ অ’এনজিচি ক’লনিস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা বেডমিন্টন ক্লাৱত প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে।