NORTHEAST NOW (Assamese)

পিতৃৰ মৃত্যুৰ পিছতো গুণোৎসৱত উপস্থিত দুই ছাত্ৰ : সকামৰ দিনাই পৰীক্ষাত বহিল দুই কণমানি

November 2, 2018 11:48 am · শশাংক তালুকদাৰ
পিতৃৰ মৃত্যুৰ পিছতো সকামৰ মাজতে গুণোৎসৱৰ পৰীক্ষাত বহা ছাত্ৰ দুজন। ফটো : নৰ্থইষ্ট নাও

বজালী মহকুমাৰ অন্তৰ্গত জালিখাটা গাওত অৱস্থিত ৮৯ নং জালিখাটা প্ৰাথমিক বিদ্যালয়তো বুধবাৰৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে অনুষ্ঠিত হৈছে গুণোৎসৱ।

শিক্ষা গ্ৰহণৰ প্ৰতি অগাধ ধাউতি থকা এই বিদ্যালয়ৰ দুই কণমানি ছাত্ৰই নিজৰ পিতৃৰ মৃত্যুৰ পিছতো কিন্তু অধ্যয়নত ব্ৰতী হৈ গুণোৎসৱত পৰীক্ষাত অৱতীৰ্ণ হৈছে।

বজালীৰ জালিখাটা গাঁওৰ  জিতেন ৰয় নামৰ ব্যক্তিজনৰ ১৯ অক্টোবৰত আকস্মিক মৃত্যু ঘটে। এই ব্যক্তিজনৰ মৃত্যুৰ পিছতো তেওঁৰ দুই পুত্ৰই সদ্য অনুষ্ঠিত গুণোৎসৱৰ বাবে অধ্যয়ন কৰিবলৈ পাহৰা নাছিল।

বুধবাৰে পিতৃৰ তেৰদিনীয়া সকাম আছিল আৰু বৃহস্পতিবাৰে বাহি ভোজৰ মাজতো সকাম এৰি জালিখাটা প্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত গুঞ্জন ৰয় আৰু সপ্তম শ্ৰেণীত অধ্যয়নৰত জগন্নাথ ৰয়ে গুণোৎসৱৰ মূল্যাংকন পৰীক্ষাত উপস্থিত থাকে।

আনহাতে, স্থানীয় ৰাইজৰ লগতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলেও ছাত্ৰদ্বয়ৰ অধ্যয়নৰ প্ৰতি থকা ধাউতিৰ শলাগ লৈছে।

Related News